NORTHEAST NOW (Assamese)
Popular Stories

অৰ্জুনৰ লক্ষ্যভেদ! আই পি এলত প্ৰথমটো উইকেট! পুত্ৰ অৰ্জুনৰ বিষয়ে কি ক’লে পিতৃ শচীনে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 19, 2023 5:31 pm

আই পি এলত পুত্ৰৰ প্ৰথম উইকেট। কেৱল সেয়াই নহয়, অন্তিম অভাৰত অৰ্জুন টেণ্ডুলকাৰে শীতল মস্তিষ্কৰে বলিং কৰি দলটোক বিজয়ো আনি দিয়ে। ড্ৰেছিং ৰুমত বহি পুত্ৰৰ সফলতা চাই থাকিল শচীনে। খেলৰ শেষত শচীনে পুত্ৰক প্ৰশংসাও কৰিলে। আনহাতে অৰ্জুনে দেউতাকৰ লগত খেলৰ বিষয়ে হোৱা আলোচনাৰ কথাও ক’লে।

খেলৰ অন্তত শচীনে টুইট কৰি সমগ্ৰ মুম্বাই ইণ্ডিয়ানছৰ দলটোক অভিনন্দন জনায়। তেওঁ লিখিছে, “মুম্বাই ইণ্ডিয়ানছৰ এক দুৰ্দান্ত প্ৰদৰ্শন। বেট আৰু বলেৰে দৃষ্টি কাঢ়িছে কেমেৰন গ্ৰীনে। ঈশান আৰু তিলকে ভাল বেটিং কৰিছে। প্ৰতিদিনে অধিক ৰোমাঞ্চকৰ হৈ পৰিছে আই পি এল। আৰু অৱশেষত আই পি এলত উইকেট পালে এজন টেণ্ডুলকাৰে।‘’

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২০০ উইকেট দখল কৰাৰ পিছতো শচীনে কেতিয়াও আই পি এলত বল কৰি কোনো উইকেট পোৱা নাই। দ্বিতীয়খন মেচত অৰ্জুনে এটা উইকেট লাভ কৰে। সেই কথাই ক’ব বিচাৰিছিল শচীনে তেওঁৰ টুইটত।

আই পি এলত অৰ্জুনে মাত্ৰ ৫ অভাৰ বলিং কৰে। তেওঁ নতুন বলত ৪ অভাৰৰ লগতে পুৰণি বলতো ১ অভাৰ বলিং কৰে। আৰু পুৰণি বলেৰে উইকেটটো লৈছিল। যিকোনো পৰিস্থিতিত বল কৰিবলৈ সাজু বুলি কয় অৰ্জুনে।

অৰ্জুনে কয়, ‘মই বলিং কৰি ভাল পাওঁ। অধিনায়কে মোক যি পৰিস্থিতিতে বলিং কৰিবলৈ কয় মই সাজু আছো। মই মাত্ৰ মোৰ পৰিকল্পনা অনুসৰি বলিং কৰিবলৈ চেষ্টা কৰো।”

তেওঁৰ বলত দূৰন্ত গতি নাই। কিন্তু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে শেষ অভাৰত ২০ ৰান ৰক্ষা কৰিবলৈ গৈ মাত্ৰ ৫ ৰানহে দিছে। অফ ষ্টাম্পৰ বাহিৰত তেওঁ নিৰ্দিষ্ট স্থানত বল পেলাইছিল। তেওঁ ভুৱনেশ্বৰ কুমাৰৰ উইকেটটো লয়। অৰ্জুনে খেলৰ বিষয়ে দেউতাকৰ লগত কি আলোচনা হয় তাকো জনায়।

শচীনপুত্ৰ অৰ্জুনে ক’লে, “দেউতাই কেৱল ক্ৰিকেটৰ কথাহে কয়। আমি খেলৰ আগতে আলোচনা কৰোঁ। দেউতাই মোক কয় যে মই প্ৰেকটিছত কৰাৰ দৰেই খেলপথাৰতো বল কৰিব লাগে। মই মাত্ৰ বল এৰাতহে গুৰুত্ব দিওঁ। বলটো ছুইং হ’লে ভাল। নহ’লে মই ৰাণ নিদিবলৈ চেষ্টা কৰো।‘’