NORTHEAST NOW (Assamese)

প্ৰতিভাৱান অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুত শোকস্তব্ধ ক্ৰিকেট জগত

June 14, 2020 7:09 pm ·
Updated: June 14, 2020 7:11 pm

ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ জীৱনৰ আধাৰত নিৰ্মিত বলিউদ ছবি ‍‘এম এছ ধোনী : দ্যা আনট’ল্ড ষ্টৰি’ত অভিনয় কৰি ব্যাপক সমাদৰ লাভ কৰা সুশান্ত সিং ৰাজপুতে আজি আত্মহত্যা কৰা ঘটনাই সকলোকে শোকস্তব্ধ কৰি তুলিছে।

অত্যন্ত প্ৰতিভাৱান তথা যুৱ অভিনেতা গৰাকীৰ মৃত্যুত বলিউদ, ৰাজনৈতিক ক্ষেত্ৰৰ লগতে ভাৰতৰ ক্ৰিকেট জগততো শোকৰ ছা পৰিছে।

মাত্ৰ ৩৪ বছৰীয়া অভিনেতা গৰাকীৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰ, বীৰেন্দ্ৰ সেহৱাগ সহিতে বহু ক্ৰিকেটাৰে গভীৰ শোক প্ৰকাশ কৰিছে।

‘যুৱ আৰু প্ৰতিভাশালী অভিনেতা সুশান্ত সিং ৰাজপুতৰ খবৰ শুনি আচৰিত আৰু দুঃখিত হৈছো…. তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গক সমবেদনা জ্ঞাপন কৰিছো’, এইদৰে শচীন টেণ্ডুলকাৰে শোক প্ৰকাশ কৰে।

ভাৰতীয় দলৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলীয়ে ৰাজপুতৰ মৃত্যু সন্দৰ্ভত কয়, ‍‘এই খবৰে আচৰিত কৰি তুলিছে, ভগৱানে তেওঁৰ পৰিয়াল আৰু বন্ধুবৰ্গক শক্তি দিয়ক’।

সেহৱাগে কয়, ‍‘কোনে কি পৰিস্থিতিৰ মাজেৰ জীয়াই আছে আমি নাজানো… ঔম শান্তি’।

ইয়াৰ উপৰি বৰ্তমানৰ ভাৰতীয় দলৰ অপেনিং বেটছমেন ৰোহিত শৰ্মা, স্পিনাৰ হৰভজন সিং, প্ৰাক্তন ক্ৰিকেটাৰ কিৰন মোৰেৰ লগতে আন বহুতেই অভিনেতা গৰাকীৰ আত্মহত্যাৰ খবৰ সহজভাৱে মানি ল’ব পৰা নাই।

Related News