NORTHEAST NOW (Assamese)
অসম

মাত্ৰ দহদিন পূৰ্বে ছুটী কটাই ঘৰৰ পৰা গৈছিল জম্মু-কাশ্মীৰত নিহত মনেশ্বৰ বসুমতাৰী; ঘৰত শোকাকুল পৰিৱেশ

Posted by: এন ই নাও নিউজ February 15, 2019 10:47 am
Maneshwa_Basumatary_Copy

১৪ ফেব্ৰুৱাৰিত জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত ভয়ংকৰ আত্মঘাতী বোমা বিস্ফোৰণত অসমৰ জোৱান মনেশ্বৰ বসুমতাৰী চহিদ হৈছে। পৰিয়ালৰ লোকে জনোৱামতে নিহত বসুমতাৰীয়ে যোৱা ৪ ফেব্ৰুৱাৰিত ছুটী শেষ কৰি যোগদান কৰিছিলগৈ কামত।

বসুমতাৰীৰ ঘৰ বাক্সা জিলাৰ তামুলপুৰত আৰু তেওঁ চি আৰ পি এফৰ ৯৮ বেটেলিয়নৰ এজন হেড কনিষ্টবল আছিল। তেওঁৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে আজি পুৱাই শোকাকুল পৰিৱেশৰ ঘৰখনলৈ আত্মীয়-স্বজন আৰু প্ৰতিৱেশী, শুভাকাংক্ষীয়ে আহি সমবেদনা জ্ঞাপন কৰে।

১৪ ফেব্ৰুৱাৰিত সংঘটিত ভয়ংকৰ বিস্ফোৰণটোৰ পিছতে মনেশ্বৰ বসুমতাৰীৰ সৈতে পৰিয়ালে যোগাযোগ কৰিব পৰা নাছিল। আনহাতে আৰক্ষীয়েও একো খবৰ যোগান ধৰিব পৰা নাছিল। এনেস্থলত বসুমতাৰী সন্ধানহীন হোৱা বুলি খবৰ ওলোৱাৰ লগতে কিছু কিছু সংবাদ মাধ্যমত তেওঁৰ মৃত্যু হোৱা বুলিও খবৰ প্ৰচাৰ হৈছিল।

ইপিনে কেইবাজনো অসমৰ জোৱান নিহত বুলিও বাতৰি ওলাইছিল যদিও এতিয়ালৈকে কেৱল মনেশ্বৰ বসুমতাৰীহে নিহত হোৱাৰ নিশ্চিত খবৰ লাভ কৰিব পৰা গৈছে। বসুমতাৰী চি আৰ পি এফৰ ৭৬ নং বাছখনত আছিল, যিখন বিস্ফোৰণত সম্পূৰ্ণ ছিন্ন-ভিন্ন হৈ পৰিছিল।

চহিদ বসুমতাৰীয়ে পত্নী আৰু দুই সন্তানৰ লগতে অন্যান্য আত্মীয়সকলক এৰি গৈছে।