NORTHEAST NOW (Assamese)
অসম

নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৩ বছৰ পাছতো পাঠ্যক্ৰম আৰম্ভ নহ’ল পাঠশালা আই টি আইত; ক্ষুভিত দল-সংগঠন

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ February 15, 2019 11:33 am
Pathsala ITI

উন্নতমানৰ কাৰিকৰী শিক্ষা প্ৰদানৰ উদ্দেশ্যে বৰপেটা জিলাৰ পাঠশালাত স্থাপন কৰা কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান (আই টি আই)ত আজি পৰ্যন্ত পাঠ্যক্ৰম আৰম্ভ নোহোৱাত এতিয়া ক্ষুভিত হৈ পৰিছে অঞ্চলটোৰ ছাত্ৰসমাজৰ লগতে সচেতন মহল।

প্ৰতিষ্ঠানখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পাছতো কিয় আজি পৰ্যন্ত পাঠশালাবাসীৰ বহু প্ৰত্যাশিত প্ৰতিষ্ঠানখন মুকলি কৰা হোৱা নাই এই বিষয়ে উত্তৰ দিয়াত ব্যৰ্থ বিভাগীয় কৰ্তৃপক্ষ।

উল্লেখ্য যে ২০১৬ৰ ৩১ মাৰ্চত তেতিয়াৰ জনস্বাস্থ্য কাৰিকৰী আৰু সংখ্যালঘু উন্নয়ন মন্ত্ৰী শুকুৰ আলীয়ে প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল। কিন্তু মুকলি হোৱাৰ তিনি বছৰ উকলি যোৱাৰ পাছতো আজিলৈ প্ৰতিষ্ঠানখনত পাঠ্যক্ৰম আৰম্ভ নোহোৱাত এতিয়া সমগ্ৰ বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

বহু ব্যয় সাপেক্ষে নিৰ্মাণ কৰা প্ৰতিষ্ঠানখনত এই পৰ্যন্ত এজন চকীদাৰৰ বাহিৰে কোনো এজন লোককে নিয়ুক্তি প্ৰদান কৰা নাই। তদুপৰি বিদ্যু সংযোগৰো ব্যৱস্থা হৈ উঠা নাই।

মন কৰিবলগীয়া যে শিক্ষা নগৰী পাঠশালাত এই প্ৰতিষ্ঠানখন নিৰ্মাণ হ’ব বুলি খবৰ লাভ কৰাৰ পাছৰে পৰা অঞ্চলটোৰ সচেতন মহলৰ লগতে অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছিল কিন্তু বিভাগীয় কৰ্তৃপক্ষই দেখুওৱা হেমাহিৰ বাবে এতিয়া সেই উৎসাহ কিছু পৰিমানে ম্লান পৰা পৰিলক্ষিত হৈছে।

প্ৰতিষ্ঠানখনত শীঘ্ৰে পাঠ্যক্ৰম মুকলি কৰাৰ বাবে পাঠশালাৰ বিভিন্ন দল-সংগঠনে দাবী কৰি অহাৰ পাছতো কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত এতিয়া পুনৰ সেই একে দাবী উত্থাপন কৰিছে পাঠশালা বজাৰ কমিতিয়ে।

বজাৰ কমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী আৰু সম্পাদক জীতেন তালুকদাৰে অতি শীঘ্ৰে প্ৰতিষ্ঠানখনত পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনায়।