সাহিত্য একাডেমিৰ উদ্যোগত ২৬ মাৰ্চত গোলাঘাট ডি আৰ কলেজত বিশেষ আলোচনা চক্ৰ
ফটো ইন্টাৰনেটৰ পৰা সংগৃহীত
অহা ২৬ মাৰ্চত সাহিত্য একাডেমিৰ উদ্যোগত গোলাঘাটৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অসমীয়া আৰু ইংৰাজী বিভাগৰ সহযোগত ‘ইতিহাসৰ জিজ্ঞাসাত অসমীয়া সাহিত্য’ শীৰ্ষক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে।
মহাবিদ্যালয়খনৰ প্ৰেক্ষাগৃহত আয়োজন কৰা উক্ত আলোচনা চক্ৰৰ আৰম্ভণিতে পুৱা ১০ বজাত সাহিত্য একাডেমিৰ পূব মণ্ডলৰ আঞ্চলিক সম্পাদক দেবেন্দ্ৰ কুমাৰ দেবেশে আদৰণি ভাষণ প্ৰদান কৰিব। সাহিত্য একাডেমিৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহবায়ক ধ্ৰুৱজ্যোতি বৰাই মাৰ্গ নির্দেশক ভাষণ প্ৰদান কৰিব। মহাবিদ্যালয়খনৰ অধ্যক্ষ পুতুল চন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰিব লগীয়া অনুষ্ঠানটোত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব একাডেমিৰ ইংৰাজী ভাষা উপদেষ্টা টেমচুলা আও।
আয়োজকসকলে জনোৱা অনুসৰি আদৰণি অনুষ্ঠানৰ পিছতে দিনৰ ১১.৩০ বজাৰ পৰা অৰূপা পটংগীয়া কলিতাৰ সভাপতিত্বত আৰম্ভ হ’বলগীয়া প্ৰথমটো আলোচনা চক্ৰত অৰিন্দম বৰকটকী, চন্দন শৰ্মা আৰু কমল কুমাৰ তাঁতীয়ে আলোচক হিচাপে অংশগ্ৰহণ কৰিব।
ইয়াৰ পিছত দিনৰ ২.৩০ বজাৰ পৰা টেমচুলা আওৰ সভাপতিত্বত দ্বিতীয় আলোচনা চক্ৰ অনুষ্ঠিত হ’ব, ইয়াত অৰূপা পটংগীয়া কলিতা, প্ৰাঞ্জল শৰ্মা বশিষ্ঠ, সুপ্ৰিয়া হাজৰিকাই আলোচক হিচাপে উপস্থিত থাকিব। আনহাতে অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া অন্তিমটো আলোচনা চক্ৰত জুৰি বৰা বৰগোহাঞি আৰু শিৱানন্দ কাকতি আলোচক হিচাপে থাকিব।
ইয়াৰ উপৰি জ্যোতিৰময়ী ভট্টাচাৰ্যৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া অসমীয়া মহিলা লেখিকাৰ ‘অস্মিতা’ শীৰ্ষক এক অনুষ্ঠান আৰাধনা পটংগীয়া গোস্বামী, গীতালি বৰা, মনালিছা শইকীয়া, শৰ্মিষ্ঠা প্ৰীতম, তুলিকা শইকীয়াই বক্তা হিচাবে অংশ গ্ৰহণ কৰিব।