NORTHEAST NOW (Assamese)

সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত বড়ো লেখক প্ৰদীপ ৰাজা ব্ৰহ্মৰ দেহাৱসান

July 30, 2019 8:47 pm · ৰিনয় বসুমতাৰী

বিশিষ্ট বড়ো লেখক, সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰদীপ ৰাজা ব্ৰহ্মৰ আজি দেহাৱসান ঘটে। আজি পুৱা কোকৰাঝাৰৰ এখন ব্যক্তিগত হাস্পাতালত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা কিছুদিনৰ পৰা অসুস্থ হৈ থকা ব্ৰহ্মৰ মৃত্যুৰ সময়ত বয়স আছিল ৭০ বছৰ। তেওঁ পত্নী, তিনি গৰাকী কন্যা আৰু এজন পুত্ৰক এৰি থৈ যায়।

প্ৰদীপ ব্ৰহ্মই বেংগলীৰ পৰা মহাকবি কৃতিব্যাসৰ ‘কৃতিব্যাস ৰামায়ন’খন বড়ো ভাষালৈ অনুবাদ কৰাৰ বাবে ২০০৮ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। অনুবাদ গ্ৰন্থখনৰ নাম আছিল ‘স্নী-বিফান ৰামায়ন’।

তেওঁৰ মৃত্যুত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গুণমুগ্ধ বিভিন্ন ব্যক্তি তথা দল-সংগঠনৰ নেতাই গভীৰ শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।

প্ৰদীপ ৰাজা ব্ৰহ্মৰ নশ্বৰ দেহ কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱত থকা তেওঁৰ নিজা বাসভৱনত সৎকাৰ কৰা হয়।

Related News