NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট গল্পকাৰ প্ৰণৱজ্যোতি ডেকালৈ সাহিত্য একাডেমি: নন্দেশ্বৰ দৈমাৰী, জুধাবীৰ ৰাণালৈও একাডেমি সন্মান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 20, 2023 9:17 pm
Sahitya Akademi Awards Pranavjyoti Deka

আজি ঘোষণা কৰা হৈছে ২০২৩ বৰ্ষৰ সাহিত্য একাডেমি বঁটা বিজয়ীৰ নাম। পথিতযশা সাহিত্যিক, অসমীয়া সাহিত্যৰ এগৰাকী শ্ৰেষ্ঠতম গল্পকাৰ প্ৰণৱজ্যোতি ডেকালৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ সাহিত্য একাডেমি সন্মান।

প্ৰণৱজ্যোতি ডেকাৰ লগতে অসমলৈ বড়ো ভাষাৰ সাহিত্যিক নন্দেশ্বৰ দৈমাৰী আৰু নেপালী সাহিত্যিক জুধাবীৰ ৰাণাই এই সন্মান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে।

উল্লেখ্য যে, প্ৰণৱজ্যোতি ডেকাই ‘ড° প্ৰণৱজ্যোতি ডেকাৰ শ্রেষ্ঠ গল্প’ গ্ৰন্থৰ পৰা লাভ কৰে একাডেমি সন্মান। আনহাতে নন্দেশ্বৰ দৈমাৰীয়ে ‘জিউ-সফৰনি দাখোন’ শীৰ্ষক গল্প সংকলনৰ বাবে স্বীকৃতি লাভ কৰে।

ইফালে নেপালী সাহিত্যিক জুধাবীৰ ৰাণাই ‘নেপালী লোকসাহিত্য ৰা লোকসংস্কৃতিক পৰিচয়’ গ্ৰন্থৰ সাহিত্য একাডেমি বঁটা লাভ কৰিছে।

লক্ষণীয়ভাৱে, প্ৰণৱজ্যোতি ডেকাই বঁটা লাভ কৰাৰ পিছতে কৰিছে এক বিশেষ মন্তব্য। তেখেতে কয় যে বঁটাটোৰ এটা বয়সত গুৰুত্ব থাকে আৰু সেয়ে একাডেমি বঁটা গ্ৰহণ কৰিবলৈ নাযায় বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাহিত্যিকগৰাকীয়ে।