NORTHEAST NOW (Assamese)

বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব সাহিত্য উৎসৱ

November 9, 2021 8:06 pm · ৰিনয় বসুমতাৰী,কোকৰাঝাৰ

বডোলেণ্ডৰ মুখ্য সদৰ কোকৰাঝাৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হব সাহিত্য উৎসৱ।

অহা ১৪,১৫ আৰু ১৬ নৱেম্বৰে বডোফা সাংস্কৃতিক ভৱনত তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে অনুষ্ঠিত হব সাহিত্য উৎসৱ।

শান্তি আৰু প্ৰেমৰ আন্তঃৰাষ্ট্ৰীয় শতভাষিক কবিতা আবৃত্তি কৰা হব সাহিত্য উৎসৱত। বি টি আৰ চৰকাৰে উদযাপন কৰা এই সাহিত্য উৎসৱ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ।

তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচী সফল কৰিবলৈ ইতিমধ্যে অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে।

অভ্যৰ্থনা সমিতিৰ অধ্যক্ষ হিচাপে সাহিত্যিক সুৰত নাৰ্জাৰী আৰু আহ্বায়ক হিচাপে প্ৰফেছৰ ডঃ অনিল বড়োক দায়িত্ব দিয়া হৈছে।

কাৰ্যসূচীৰ সন্দৰ্ভত সংবাদ মেলৰ জড়িয়তে জনাইছে বি টি আৰ প্ৰধান প্ৰমোদ বড়োৱে।

Related News