NORTHEAST NOW (Assamese)
অসম

ঘৰৰ ভিতৰতে দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত আহত অভিনেতা ছইফ আলী খান, হাস্পাতালত ভৰ্তি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2025 8:50 am
ঘৰৰ ভিতৰতে দুৰ্বৃত্তৰ ছুৰীৰ আক্ৰমণত আহত অভিনেতা ছইফ আলী খান, হাস্পাতালত ভৰ্তি

বৃহস্পতিবাৰে (১৬ জানুৱাৰী) পুৱতি নিশা বলীউডৰ অভিনেতা ছইফ আলী খানক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়।

আৰক্ষীৰ মতে, বৃহস্পতিবাৰে পুৱা প্ৰায় ২ বজাৰ আশেপাশে অভিযুক্তই ছইফ আলী খানৰ ঘৰত প্ৰৱেশ কৰি ছুৰীৰে আঘাত কৰে আৰু তাৰ পিছত তেওঁক ততাতৈয়াকৈ লীলাৱতী হাস্পাতাললৈ লৈ যোৱা হয়।

অভিযুক্তৰ সন্ধান উলিয়াবলৈ আৰু গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিবলৈ মুম্বাই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

মুম্বাই আৰক্ষীয়ে এক বিবৃতিত কয় যে, “অচিনাক্ত দুৰ্বৃত্তই অভিনেতা ছইফ আলী খানৰ বাসগৃহত প্ৰৱেশ কৰিছিল। অভিনেতা আৰু প্ৰৱেশকাৰী দুৰ্বৃত্তৰ মাজত  সংঘৰ্ষ ঘটে। অভিনেতাজন আহত হয় আৰু তেওঁ চিকিৎসাধীন হৈ আছে। তদন্ত অব্যাহত আছে।”