NORTHEAST NOW (Assamese)
Popular Stories

কৃতজ্ঞতা! চিকিৎসালয়ত অটো চালকক আলিংগন ছেইফ আলী খানৰ, আশীৰ্বাদ দিলে মাতৃ শৰ্মিলাই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 22, 2025 3:43 pm

১৬ জানুৱাৰীত ছাইফ আলী খানক বান্দ্ৰা ঘৰত চুৰিৰ চেষ্টা চলাই আৰু ছয়বাৰকৈ ছুৰীৰে আঘাত কৰা হৈছিল। অভিনেতাজনক ক্ষন্তেকতে সহায় কৰে ভজন সিং ৰানা নামৰ অটো চালকজনে, যিজনে তেওঁক ততাতৈয়াকৈ লীলাৱতী হাস্পতাললৈ লৈ যায়। আঘাতৰ ভয়াৱহতাৰ মাজতো ছেইফে অটোখনৰ ওচৰলৈ খোজ কাঢ়ি যাব পাৰিলে আৰু ৰানাক সুধিলে যে যাত্ৰাত কিমান সময় লাগিব। অটো চালকজনে স্মৰণ কৰি কয় যে প্ৰাৰম্ভিক পৰিস্থিতিটো সামান্য যেন লাগিছিল যদিও প্ৰথমতে গম পোৱা নাছিল যে তেওঁ এজন চেলিব্ৰিটিক সহায় কৰি আছে।

তেওঁলোকৰ চমু সাক্ষাৎকাৰত ছেইফে ৰাণাক তেওঁৰ সঁহাৰিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। অভিনেতাজনৰ ডিঙি আৰু পিঠিৰ পৰা প্ৰচণ্ড তেজ ওলোৱা লক্ষ্য কৰা ড্ৰাইভাৰজনে কয় যে কেনেকৈ তেজ ক্ষয় হোৱাৰ বাবে ছেইফৰ বগা কুৰ্তা ৰঙা হৈ পৰিছিল। ৰাণাই চিকিৎসালয় যাত্ৰাৰ কোনো ভাড়া লোৱা নাছিল, ছেইফক প্ৰয়োজনৰ সময়ত সহায় কৰি ৰাণা সুখীহে হৈছিল।

ৰাণাই আৰু নিশাৰ অভিজ্ঞতা শ্বেয়াৰ কৰি লক্ষ্য কৰিলে যে আঘাতপ্ৰাপ্ত হোৱাৰ পাছতো ছেইফ শান্ত হৈ আছিল, আৰু আঠৰ পৰা দহ মিনিটৰ ভিতৰতে তেওঁলোক চিকিৎসালয়ত উপস্থিত হৈছিল। তেওঁ উল্লেখ কৰে যে ছেইফৰ স্বাস্থ্যৰ অৱস্থা প্ৰচুৰ পৰিমাণে তেজ ওলোৱাৰ বাবে জটিল যেন লাগিছিল যদিও তথাপিও তেওঁ কথা-বতৰাত লিপ্ত হবলৈ সক্ষম হৈছিল আৰু চিকিৎসালয়ত উপস্থিত হবলৈ কিমান সময় লাগিব সেই বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল।

এই আক্ৰমণৰ পাছতে মুম্বাই আৰক্ষীয়ে দোষী মহম্মদ শ্বৰীফুল ইছলাম শ্বেহজাদ নামৰ ৩০ বছৰীয়া বাংলাদেশীক গ্ৰেপ্তাৰ কৰে। থানেত গ্ৰেপ্তাৰ কৰি মহানগৰ দণ্ডাধীশৰ আদালতত হাজিৰ কৰা হয় আৰু পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হয়।উল্লেখ্য যে, আক্ৰমণৰ পাছত ছেইফ আলী খানৰ দুটা অস্ত্ৰোপচাৰ কৰা হৈছিল আৰু তাৰ পাছত তেওঁ সুস্থ হৈ উঠিছে।