NORTHEAST NOW (Assamese)
অসম

ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু ছাত্ৰ সন্থাৰ দুজন প্ৰাক্তন নেতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2019 10:23 am
Balano

ধুবুৰী জিলাৰ খুদিমাৰীত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোত সদৌ অসম ছাত্ৰ সন্থাৰ দুজন প্ৰাক্তন নেতাৰ ঘটনাস্থলতে মৃত্যু হোৱাত এতিয়া সমগ্ৰ জিলাখনতে এক শোকাকূল পৰিৱেশৰ সৃষ্টি কৰিছে।

নিশা প্ৰায় ১ মান বজাত সংঘটিত এই দুৰ্ঘটনাটোত মৃত্যু হোৱা ছাত্ৰ নেতা দুজন নাৰায়ণ ৰঞ্জন ৰায় আৰু ৰথিন চন্দ্ৰ ৰায় বুলি জানিব পৰা গৈছে। আনহাতে দুৰ্ঘটনাটোত বেয়াকৈ আঘাতপ্ৰাপ্ত হৈছে বনমালী ৰায় নামৰ আন এজন যুৱক।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে প্ৰাক্তন ছাত্ৰ নেতা কেইজনে যাত্ৰা কৰি থকা বেলেন’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই খুদীমাৰীৰ মনিশা বজাৰৰ সমীপত থকা বিলত সোমাই যায়। যাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

উল্লেখ্য যে দুৰ্ঘটনাটোত মৃত্যু হোৱা নাৰায়ণ ৰঞ্জন ৰায় আৰু ৰথিন চন্দ্ৰ ৰায় গৌৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা আছিল। এই যুৱক দুজনৰ মৃত্যুত গোৰীপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে বিভিন্ন জনে শোকপ্ৰকাশ কৰিছে।