NORTHEAST NOW (Assamese)

বেডমিণ্টন ষ্টাৰ ছাইনা নেহৱাল আৰু এইচ এছ প্ৰণয় ক’ভিড পজিটিভ

January 12, 2021 2:40 pm · এন ই নাও নিউজ

থাইলেণ্ডত এখন টুৰ্ণামেণ্টত অংশ ল’বলৈ যোৱা ভাৰতীয় বেডমিণ্টন ষ্টাৰ ছাইনা নেহৱাল আৰু এইচ এছ প্ৰণয় ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

দুয়োজন খেলুৱৈকে বৰ্তমান থাইলেণ্ডৰ এখন চিকিৎসালয়ত কোৱাৰেণ্টাইনত ৰাখিছে।

উল্লেখ্য যে, দুয়োজন খেলুৱৈয়ে আজিৰ পৰা ১৭ জানুৱাৰিলৈ অনুষ্ঠিত হ’বলগীয়া থাইলেণ্ড অ’পেন বেডমিণ্টন টুৰ্ণামেণ্টত অংশ লোৱাৰ উদ্দেশ্যে থাইলেণ্ডলৈ গৈছিল।

বেডমিণ্টন এছ’চিয়েশ্যন এফ ইণ্ডিয়াই এটা টুইটত কয় যে ছাইনা আৰু প্ৰণয়ক টুৰ্ণামেণ্টৰ পৰা বাহিৰ কৰি দিয়া হৈছে আৰু দুয়োজন বৰ্তমান বেংককৰ এখন চিকিৎসালয়ত আছে।

তেওঁলোক দুয়োজনে অতি কমেও ১০ দিন কোৱাৰেণ্টাইন হৈ থাকিব লাগিব।

বেডমিণ্টন এছ’চিয়েশ্যন অফ ইণ্ডিয়াই বি ডব্লিউ এফ, টিম মেনেজমেণ্ট, খেলুৱৈ আৰু আয়োজকৰ সৈতে সম্পৰ্কত থকা বুলিও টুইটটোত উল্লেখ কৰে।

থাইলেণ্ড অ’পেন বেডমিণ্টন টুৰ্ণামেণ্টত ছাইনা নেহৱাল, প্ৰণয়ৰ উপৰি পিভি সিন্ধু, চাই প্ৰণীত, কিদম্বী শ্ৰীকান্ত আৰু আন কেইবাগৰাকীও খেলুৱৈয়ে অংশ লৈছে।

Related News