NORTHEAST NOW (Assamese)

ছালাকাটিৰ তাপ বিদ্যুৎ প্ৰকল্পই পাৰ্শ্বৱৰ্তী অঞ্চলৰ কৃষকৰ জীৱনলৈ নমাই আনিছে অন্ধকাৰ

August 12, 2018 12:44 pm · ৰিনয় বসুমতাৰী

কোকৰাঝাৰ জিলাৰ ছালাকাটিত নিৰ্মীয়মাণ তাপ বিদ্যুৎ প্ৰকল্পটো কাৰ্যক্ষম হৈছে যদিও তাপ বিদ্যুৎ প্ৰকল্পটোৰ নিৰ্মাণকাৰী সংস্থা এন টি পি চিৰ বিষয়া-কৰ্মচাৰীসকলৰ অদূৰদৰ্শিতাৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছে প্ৰকল্পটোৰ পাৰ্শ্বৱৰ্তী গাঁৱৰ কৃষক ৰাইজে।

প্ৰকল্পটোৰ বৰ্জ্য তেল আৰু ৰাসায়নিক পদাৰ্থবোৰ নিৰ্মাণকাৰী সংস্থাটোৱে নলাৰ জৰিয়তে অব্যৱহৃত স্থানত গাঁত খান্দি পেলোৱাৰ ব্যৱস্থা কৰিব লাগিছিল যদিও তেনে নকৰাত সেই পদাৰ্থসমূহ সম্প্ৰতি খেতিপথাৰলৈ বৈ গৈ একাকাৰ হৈ পৰিছে।

ইয়াৰ ফলত ছালাকাটি অঞ্চলৰ ১২খন গাঁৱৰ কেইবা হেক্টৰ ভূমি খেতিৰ অনুপযোগী হৈ পৰাৰ লগতে সঁজাল ধৰি উঠা ধানৰ গছ পুৰি ছাইত পৰিণত হৈছে। এই অঞ্চলৰ ভুমকী, দলগাঁও, বামুণীগাঁও, পোকাগাঁও, লালমাটি, কুৰ্শাকাটি, ৰাজাধাম, আখ্ৰিগুড়ী, বাৰাগড়, মোৰাবাৰীকে ধৰি বহু গাঁৱৰ সেউজ পথাৰ এতিয়া বিনষ্ট হৈ পৰিছে।

উক্ত গাঁওসমূহৰ ৰত্নেশ্বৰী দেৱীৰ ১০ বিঘা, বাধুৰী বৰ্মণৰ ৭ বিঘা, ৰাণী মুৰ্মুৰ ২৬ বিঘা, লক্ষীকান্ত বৰ্মণৰ ২ বিঘা, ভকোবালা বৰ্মণৰ  ২বিঘা, মংগল মুৰ্মুৰ ৩ বিঘা, চুৰহি মুৰ্মুৰ ২৫ বিঘা, চৰকাৰ মুৰ্মুৰ ২.৫ বিঘা আৰু বাগৰাই হেমব্ৰমেৰ ১২ বিঘা মাটিৰ শস্য বিনষ্ট হোৱা বুলি জানিব পৰা গৈছে।

আনহাতে, এন টি পি চিক এই বিষয়ে স্থানীয় ৰাইজে অভিযোগ কৰাৰ পিছত সংস্থাটোৰ মানৱ সম্পদ বিভাগৰ উপ-প্ৰবন্ধক তন্ময় দত্তই নষ্ট হোৱা খেতিপথাৰ পৰিদৰ্শন কৰি ইয়াৰ বাবে এন টি পি চি দায়ী নহয় বুলি দাবী কৰে।

ইপিনে এন টি পি চিৰ স্থিতিকলৈ স্থানীয় ৰাইজ জাঙুই খাই উঠিছে। তেওঁলোকে লোকে এন টি পি চি কৰ্তৃপক্ষৰ লগতে জিলা প্ৰশাসনক আৱেদন-পত্ৰ প্ৰদান কৰি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

Related News