NORTHEAST NOW (Assamese)

ব্ৰিটেইনৰ পৰা আহিছিল ছলমাল খানক হত্যাৰ ভাবুকিৰ মেইল! মেইলৰ সৈতে সংলগ্ন ব্ৰিটেইনৰ ফোন নম্বৰ

March 24, 2023 11:32 am · এন ই নাও নিউজ, গুৱাহাটী

বলীউডৰ অভিনেতা ছলমান খানক হত্যাৰ ভাবুকিৰে প্ৰেৰণ কৰা ই-মেইল আইডিৰ সৈতে সংলগ্ন আছে ব্ৰিটেনৰ এক মোবাইল নম্বৰ। গোচৰৰ তদন্ত কৰি থকা মুম্বাই আৰক্ষীয়ে সদৰী কৰিছে এই তথ্য।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, মেইলটো প্ৰেৰণ কৰা ই-মেইল আইডি সন্দৰ্ভত আন কোনো বিশেষ তথ্য প্ৰকাশ পাই নাই যদিও মেইলটো ব্ৰিটেইনৰ এটা মোবাইল নম্বৰৰ সৈতে জড়িত হোৱা দেখিবলৈ পোৱা গৈছে।

মেইলৰ সৈতে সংলগ্ন এই ফোন নম্বৰটো যিগৰাকী ব্যক্তিৰ নামত পঞ্জীয়ন কৰা হৈছিল, সেই ব্যক্তিগৰাকীৰ সন্ধান উলিয়াবলৈ এতিয়া চেষ্টা চলাইছে আৰক্ষীয়ে।

উৰ্লেখ্য যে, যোৱা সপ্তাহত অভিনেতা ছলমান খানৰ কাৰ্যালয়লৈ ভাবুকিপূৰ্ণ ই-মেইল অহাৰ পাছতে তদন্ত আৰম্ভ কৰিছিল মুম্বাই আৰক্ষীয়ে। আৰক্ষীয়ে মেইল প্ৰেৰণৰ অভিযোগত কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণৈ, গোল্ডি ব্ৰাৰ আৰু ৰোহিত গাৰ্গৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।

অভিনেতাগৰাকীলৈ এই হত্যাৰ ভাবুকি অহাৰ পিছতে মুম্বাই আৰক্ষীয়ে ৱাই+ কেটেগৰীৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছে। ইয়াৰ পূৰ্বেও লৰেন্স বিষ্ণৈ গেঙৰ পৰা অভিনেতাগৰাকীয়ে ভাবুকি পত্ৰ লাভ কৰাৰ পিছতে মহাৰাষ্ট্ৰ ৰাজ্য চৰকাৰে তেওঁৰ নিৰাপত্তাৰ ব্যৱস্থা কৰিছিল।

বিগত বৰ্ষতো ছলমান খান আৰু তেওঁৰ পিতৃ চেলিম খানে এক পত্ৰ যোগে মৃত্যুৰ ভাবুকি লাভ কৰিছিল। চেলিম খানৰ নিৰাপত্তাৰক্ষীয়ে এই পত্ৰখন মুম্বাইস্থিত অভিনেতাগৰাকীৰ বাসগৃহৰ বাহিৰত উদ্ধাৰ কৰিছিল।

ইয়াৰ পিছতে, দিল্লী আৰক্ষীয়ে ছলমান খানক হত্যা কৰাৰ ষড়যন্ত্ৰৰ সৈতে জড়িত এক চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছিল।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, অভিনেতাগৰাকীৰ প্ৰৱেশ আৰু প্ৰস্থানৰ সময় সম্পৰ্কে সবিশেষ তথ্যৰ বাবে মুম্বাইৰ ফাৰ্ম হাউছৰ কৰ্মচাৰীৰ সৈতে বন্ধুত্ব কৰিবলৈ চেষ্টা কৰিছিল লৰেন্স বিষ্ণৈ গেঙৰ সদস্যসকলে।

Related News