NORTHEAST NOW (Assamese)

চুলাই ট্ৰেজেডি : বিধায়ক মৃণাল শইকীয়া আৰু গোলাঘাটৰ প্ৰাক্তন উপায়ুক্তক তদন্তৰ আওতালৈ অনাৰ দাবী ‘জীপাল’ৰ

February 25, 2019 3:45 pm · উত্তম শইকীয়া
Updated: February 25, 2019 8:58 pm

গোলাঘাটৰ শালমাৰী বাগিচাকে ধৰি কেইবাঠাইতো বিষাক্ত সুৰা সেৱন কৰি শতাধিক লোকৰ মৃত্যুৰ ঘটনাৰ আজি বোকাখাতত ‘জীপাল’ নামৰ কৃষক শ্ৰমিক সংঘই প্ৰতিবাদ সাব্যস্ত কৰে। বোকাখাতৰ নাগৰিক সমাজৰ একাংশ জ্যেষ্ঠ নাগৰিকেও এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।

সংগঠনটোৰ নেতা সোণেশ্বৰ নৰহ আৰু প্ৰণৱ দলেৰ নেতৃত্বত যোৱা প্ৰতিবাদকাৰীসকলে বোকাখাতৰ আৰক্ষী থানাৰ সন্মুখত প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ পিছত বোকাখাতৰ আৰক্ষীৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

স্মাৰক পত্ৰত স্পষ্ট ৰূপত উল্লেখ কৰি কয় যে গোলাঘাটৰ শালমাৰী বাগিচাৰ ঘটনাৰ পাছত অসমৰ স্বাস্থ্য মন্ত্রী আৰু আবকাৰী বিভাগৰ মন্ত্ৰীক অতি শীঘ্ৰে বৰ্খাস্ত কৰিব লাগে। যি সমষ্টিত চুলাই মদৰ বেহাৰ ফলত এই ঘটনা সংঘটিত হৈছে তাৰ নিৰপেক্ষ আৰু উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে স্থানীয় বিধায়ক মৃণাল শইকীয়াকো তদন্তৰ আওতালৈ আনিব লাগে।

ইপিনে গোলাঘাট জিলাৰ পূৰ্বৰ উপাযুক্ত গৌৰৱ বোথ্ৰাক এই ঘটনাৰ বলিসকলক হত্যাৰ অপৰাধত গ্রেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ বাবেও সংগঠনটোৱে দাবী জনায়। ৰাজ্যৰ সকলো লালিগুৰৰ ছিণ্ডিকেটৰ মূল অভিযুক্তক কৰায়ত্ত কৰাৰ লগতে লালিগুৰসমূহ পৰিৱেশ প্ৰদূষণ নকৰাকৈ বৈজ্ঞানিক প্রণালীৰে নষ্ট কৰিবলৈ দাবী জনায় সংগঠনটোৱে।

মুখ্য মন্ত্ৰীলৈ প্ৰেৰণ কৰা স্মাৰক পত্ৰত বাগিচাৰ শ্ৰমিকৰ নিম্নতম মজুৰি ৩৫০ টকা কৰা, শালমাৰী বাগিচাৰ মালিক আৰু মেনেজাৰকো তদন্তৰ আওতালৈ অনা, পূর্বৰ দৈয়াং চাহ বাগিচা একেই চুলাই কাণ্ড আৰু এতিয়াৰ শালমাৰী বাগিচাৰ সমস্ত হত্যাকাণ্ডৰ কেৱল নিৰপেক্ষ ন্যায়িক তদন্ত ঘোষণা কৰাই নহয়, কাৰ্যকৰীও কৰিবলৈ দাবী তোলা হয়।

ইয়াৰ উপৰি এছ ডি আৰ এফ (SDRF)ৰ ২ লাখ টকা সকলো ধৰণৰ দুর্ঘটনাগ্রস্ত লোকৰ বাবে নির্ধাৰিত পুঁজিকে পুনৰ ঘোষণা কৰাৰ পৰিৱৰ্তে সকলো নিহত আৰু আহত লোকলৈ বিশেষ অনুদান প্ৰদান কৰিবলৈও দাবী জনায় সংগঠনটোৱে।

পুঁজিপতিৰ দ্বাৰা উৎপাদিত স্থানীয় সুৰাৰ উৎপাদন তথা মুকলি বিক্ৰীৰ বাবে অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্ত বাতিল কৰিবলৈ আৰু লগতে স্বাস্থ্য বিভাগে জৰুৰীকালীন সেৱা কার্যক্ষম তথা ইয়াত নিয়োজিত লোকৰ উপৰি ঔষধ আৰু ডাক্তৰৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবেও জীপালে দাবী জনায়।

Related News