NORTHEAST NOW (Assamese)
অসম

লাওখোৱাত অগপৰ বান সাহায্য : অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা July 20, 2019 6:38 am
IMG-20190719-WA0013

নগাঁও জিলাৰ চামগুৰিৰ লাওখোৱাৰ বান বিধস্ত অঞ্চলত শুকুৰবাৰে অসম গণ পৰিষদৰ উদ্যোগত চামগুৰি সমষ্টি সমিতিয়ে বান সাহায্য বিতৰণ কৰে।

চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ ভূৰবন্ধা, ভগামুখ, শান্তিবজাৰকে আদি কৰি বিভিন্ন অঞ্চলত বান সাহায্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মণিমাধৱ মহন্তই।

অগপ নেতাগৰাকী চামগুৰি সমষ্টিৰ লাওখোৱাত উপস্থিত হৈ খোজকাঢ়ি আৰু ব্যক্তিগত বাহনৰে বানাক্ৰান্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ লগতে কেইবাঠাইটো বান সাহায্য বিতৰণ কৰি সংবাদ মাধ্যমৰ আগত অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনায়।

আনহাতে, চামগুৰি সমষ্টিৰ লাওখোৱাত ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণেৰে বান সমস্যাৰ স্থায়ী সমাধানৰ পোষকতা কৰে অগপ নেতা মণিমাধৱ মহন্তই।

ইপিনে,বান বিধ্বস্ত এলেকা পৰিদৰ্শন কৰিবলৈ আহি একপ্ৰকাৰ হাৰাশাস্তি খালে অগপ নেতাগৰাকীয়ে। লাওখোৱাৰ মথাউৰিত গাড়ীৰ চকা বৃহৎ আকাৰৰ গাঁতত সোমাই যোৱাৰ ফলত বহু সময় ধৰি নেতাগৰাকী শান্তি বজাৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়।

আনহাতে, চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুইছেনেও মিনি ট্ৰাকত উঠি আহি শান্তিবজাৰ আৰু ৪ নং ভুৰবন্ধাত শুকুৰবাৰে বানাক্ৰান্ত ৰাইজক বান সাহায্য বিতৰণ কৰে বুলি জানিব পৰা গৈছে ৷