NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত চিত্ৰশিল্পী অৰুণ চন্দ্ৰ নাথৰ ডিজিটেল শিল্প প্ৰদৰ্শনী

Posted by: শান্তনু শইকীয়া Updated by: শান্তনু শইকীয়া July 20, 2019 1:24 am
Arun Chandra Nath's art exhibition held at Gauhati press club

বহু বছৰ ধৰি নীৰৱে শিল্প সাধনাৰ লগত জড়িত থকা অৰুণ চন্দ্ৰ নাথৰ এখন ডিজিটেল শিল্পকৰ্মৰ প্ৰদর্শনী গুৱাহাটী প্ৰেছ ক্লাবত শুক্ৰবাৰে অনুষ্ঠিত হয়।

চিত্ৰশিল্পীৰূপে প্ৰতিষ্ঠিত নাথে ক্লাবৰ সাংবাদিকসকলৰ সন্মুখত বেটুপাত, প্ৰতিকৃতি, কাৰ্টুন, বাখ্যাচিত্ৰ আৰু আন চিত্ৰকৰ্ম প্ৰদৰ্শন কৰে।

অসমৰ প্ৰতিষ্ঠিত লেখক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মহাৰথী, য়েছে দৰজে ঠংছিৰ মৌন ওঁঠ, মুখৰ হৃদয়, সদ্যপ্ৰয়াত পূৰৱী বৰমুদৈৰ শান্তনুকুলনন্দন, ৰূপোৱলী নদীৰ সোণোৱালী ঘাট, হোমেন বৰগোহাঞিৰ বিষণ্ণতা আদি গ্ৰন্থত বেটুপাত নাথে অংকন কৰিছিল।

প্ৰদৰ্শনীত সেই শিল্পকৰ্মসমূহ নাথে প্ৰদর্শন কৰে।

অসমৰ বিভিন্ন বিখ্যাত ব্যক্তিত্ব ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, প্ৰণৱ বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, নলিনীবালা দেৱী, শীলভদ্ৰ, কেশৱ মহন্ত, শৰৎ চন্দ্ৰ সিংহ, মহিম বৰা, ৰংবং তেৰাং, হীৰেন গোহাঁই, মামণি ৰয়ছম গোস্বামী, লক্ষ্যধৰ চৌধুৰী, চন্দ্ৰপ্ৰভা শইকীয়ানী, ভবেন্দ্ৰ নাথ শইকীয়া, সত্যেন্দ্ৰনাথ শৰ্মা, জুবিন গাৰ্গ আদিৰ প্ৰতিকৃতিয়েও শিল্পীগৰাকীৰ হাতৰ পৰশত প্ৰাণ পাইছে।

তেওঁ কলাক্ষেত্ৰ সমাজে প্ৰকাশ কৰি উলিওৱা সত্ৰীয়া-সংস্কৃতি সম্পৰ্কীয়  সাঁচিপতীয়া পুথিৰ সচিত্ৰ ৰূপ, অলংকৰণ আৰু প্ৰচ্ছদো অংকণ কৰিছে।

সেইসমূহৰ ভিতৰত আছে- সচিত্ৰ কীৰ্তন ঘোষা, সচিত্ৰ ভক্তি ৰত্নাৱলী, সচিত্ৰ চিত্ৰ ভাগৱত, সচিত্ৰ মদ্ভাগৱত (অষ্টম স্কন্ধ), সচিত্ৰ মদ্ভাগৱত (একাদশ স্কন্ধ), বনমালী দেৱ  চৰিত আদি।

ভূপেন হাজৰিকাৰ ভালেকেইখন গ্ৰন্থ যেনে- গীতাৱলী, জ্যোতি ককাইদেউ, বিষ্ণু ককাইদেউ, মই এক যাযাবৰ, দিহিঙে দিপাঙে, কৃষ্টিৰ পথাৰে পথাৰে আদিৰো বেটুপাত অংকণ কৰিছে তেওঁ।

লগতে ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱনৰ ৰঙীন আলোকচিত্ৰৰে সোঁৱৰণী মোৰ ৰাঙলী জীৱনৰো শীৰ্ষক এলবামৰো তেওঁ বেটুপাত আৰু অলংকৰণ কৰিছে।

নগাঁৱৰ বৰদোৱাৰ সমীপৰ ভোমোৰাগুৰি গাঁৱত জন্মগ্ৰহণ কৰা নাথে শিল্প জীৱনৰ আৰম্ভণি কৰে কল্লোল গোষ্ঠীৰ জৰিয়তে।

পিছলৈ নাথে নতুন দৈনিক কাকতত চিত্ৰশিল্পীৰূপে কৰ্মজীৱন আৰম্ভ কৰে।

সম্প্ৰতি তেওঁ জনপ্ৰিয় আলোচনী বিস্ময়ত নিয়মীয়া চিত্ৰশিল্পীৰূপে জড়িত। শিল্প সাধনাৰ লগতে নাথৰ  অন্যতম দুৰ্বলতা হল সংগীত বিশেষকৈ মাউথ অৰ্গেন।