NORTHEAST NOW (Assamese)
অসম

চামগুৰিত অবৈধভাৱে গৰু সৰবৰাহ কৰা ট্ৰাক জব্দ; তিনি সৰবৰাহকাৰীক আটক

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা May 18, 2021 8:29 am
Illegal cattle transportation

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে সোমবাৰে বিয়লি ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই অবৈধভাৱে গৰু সৰবৰাহ কৰা এখন ট্ৰাকসহ ৩৫টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

অভিযান কালত আৰক্ষীয়ে তিনিজন লোকক আটক কৰিবলৈ সক্ষম হয় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে ৷

ধেমাজি জিলাৰ পৰা গুৱাহাটী অভিমুখে ৩৫টাকৈ অবৈধভাৱে গৰু কঢ়িয়াই অনা এএছ ০৭ এচি ৬২৫২ নম্বৰৰ ট্ৰাকসহ সৰবৰাহকাৰী তিনিজনক আটক কৰা হয়।

আৰক্ষীয়ে আটক কৰা তিনি সৰবৰাহকাৰী ক্ৰমে, ধেমাজি জিলাৰ গেলীয়াৰ মিৰাজ আলী (৩০); ধেমাজি জিলাৰ চিলাপথাৰৰ লালচান আলী (৩৪) আৰু ফুলচান আলী(৩২) বুলি জানিব পৰা গৈছে।

তিনিওজনকে আৰক্ষীয়ে চামগুৰি থানাত জেৰা অব্যাহত ৰাখিছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।