NORTHEAST NOW (Assamese)
অসম

চামগুৰিত তিনি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি জে’ল হাজোতলৈ প্ৰেৰণ

Posted by: বিদ্যুৎজ্যোতি বৰা Updated by: বিদ্যুৎজ্যোতি বৰা June 1, 2021 7:26 pm
Samaguri Drugs

নগাঁও জিলাৰ চামগুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই ড্ৰাগছসহ তিনি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, চামগুৰি আৰক্ষীৰ দলে এক গোপন সুত্ৰৰ ভিত্তিত চামগুৰি বজাৰত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই তিনি ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

আৰক্ষীৰ দলটোৱে আটক কৰা তিনি সৰবৰাহকাৰী ক্ৰমে বাজিয়াগাঁৱৰ নুৰুল আমিন(২৪), চামগুৰি গ্ৰাণ্টৰ ৰায় (৩০) আৰু চামগুৰি তিনিআলিৰ মাছুম শইকীয়া (২৪)ক হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীৰ দলটোৱে যুৱক তিনিজনৰ হাতৰ পৰা ২.০৬ গ্ৰাম হেৰ’ইন জব্দ কৰে ৷ আজি তিনিওকে জে’ল হাজোতলৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্রই জানিবলৈ দিছে।