NORTHEAST NOW (Assamese)

ছেমছাঙৰ ডিলাৰত বিক্রী মাছ, মাংস, কণী; জব্দ কৰিলে প্ৰশাসনে

April 20, 2020 11:54 am · দীপজ্যোতি শৰ্মা
Updated: April 20, 2020 11:58 am

ল’কডাউনৰ নিয়ম উলংঘা কৰি খোলা ৰখা গুৱাহাটীৰ এখন ছেমছাঙৰ ডিলাৰ আজি মহানগৰ প্ৰশাসনে চীল কৰে। উক্ত ছেমছাঙৰ ডিলাৰখন মহানগৰীৰ ৰাজধানী মচজিদৰ সমীপত আছে।

ৰাজধানী মছজিদৰ সমীপত গুৱাহাটী পৌৰনিগম আৰু পশুপালন বিভাগে চলোৱা অভিযানত উক্ত ডিলাৰখন চীল কৰা হয়।

ডিলাৰখনত বিনা অনুমতিত মাছ আৰু মাংসৰ লগতে কণী বিক্ৰী কৰি অহা হৈছিল। প্ৰশাসনে প্ৰতিষ্ঠানখনৰ পৰা ৭১ কাৰ্টন কণী জব্ধ কৰে।

জানিব পৰা মতে দোকানখনক কেৱল শাক-পাচলি বিক্ৰী কৰাৰ বাবেহে প্ৰশাসনে অনুমতি দিছিল। ইপিনে শাক-পাচলি সমূহো ইয়াত যথেষ্ট অস্বাস্থ্যকৰভাৱে বিক্ৰী কৰি অহাৰ লগতে অধিক দামত বিক্ৰী কৰি আছিল প্ৰতিটো সামগ্ৰী।

মহানগৰ প্ৰশাসনে ডিলাৰখনত বিনা অনুমতিত বিক্ৰী কৰি থকা সামগ্ৰীসমূহ জব্দ কৰাৰ লগতে দোকানখন চীল কৰে।

Related News