NORTHEAST NOW (Assamese)

ৰাজনৈতিক দল গঠনকলৈ অসন্তুষ্ট! আছু এৰিব সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই

October 18, 2020 6:27 pm · এন ই নাও নিউজ
Updated: October 18, 2020 6:56 pm

আছু আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্য একেটা মুদ্ৰাৰে যেন ইপিঠি-সিপিঠি।

বহুতৰে বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অবিহনে যেন আছু আধৰুৱা।

ছাত্ৰ ৰাজনীতিৰ দীঘলীয়া পৰিক্ৰমাত আছুৰ বাবে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কিমান কাম কৰিছে সেয়া নতুনকৈ কোৱাৰ হয়তো প্ৰয়োজন নাই।

আছুৰ ভাল-বেয়া সকলো সময়ৰে অন্যতম অংশীদাৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই আৰু আছুত নাথাকে।

আছুৰ দুলীয়াজান অধিৱেশনৰ সময়তে তেওঁ আছু ত্যাগ কৰিব বুলি ঘোষণা কৰিছে। নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা সাক্ষাৎ প্ৰসংগত ভট্টাচাৰ্য্যই কয় যে কেইটামান বিশেষ কথা উল্লেখ কৰি তেওঁ আছু এৰিব বিচাৰিছে।সেই বিশেষ কথা কেইটা  হৈছে ক্ৰমে আছুৰ অৰাজনৈতিক চৰিত্ৰত আঘাত পৰিব নালাগে,সামূহিক নেতৃত্বৰে আছু পৰিচালিত হোৱা উচিৎ,নীলকণ্ঠৰ দৰে কাম কৰিছিল আৰু কৰি যাব,দেহত শেষ বিন্দু তেজ থকালৈকে আছুৰ হকে কাম কৰি যাব,আছু এৰাৰ পিছতো ৰাজনৈতিক দল আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি কাম কৰি যাব।

উল্লেখ্য আছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু কেইবাটাও জাতীয় ভাবাপন্ন  সংগঠনৰ উদ্যোগত অসম জাতীয় পৰিষদ গঠনৰ পিছৰে পৰা প্ৰায় এমাহ ধৰি এক প্ৰকাৰ অজ্ঞাতবাসত থকা আছুৰ মুখ্য  উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শেহতীয়াকৈ তেওঁৰ মুখ খুলিছে।

আছুৰ দৰে অৰাজনৈতিক চৰিত্ৰৰ সংগঠনে সদায় অৰাজনৈতিক হৈ থাকিব লাগে বুলি মন্তব্য কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে দুলীয়াজান অধিৱেশনৰ সময়তে তেওঁ আছু ত্যাগ কৰিব।

আছুত থকাৰ সময়ত তেওঁ যিদৰে নীলকণ্ঠৰ দৰে কাম কৰি গৈছিল ঠিক তেনেদৰে পদত্যাগ কৰাৰ পিছতো তেওঁ নীলকণ্ঠৰ ৰূপলৈয়েই কাম কৰি যাব বুলি ভট্টাচাৰ্য্যই মন্তব্য কৰে।

আছুৰ পৰা সদ্য পদত্যাগী কাৰ্যনিৰ্বাহক সদস্য সীমান্ত ঠাকুৰীয়াই ভট্টাচাৰ্য্যৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ খণ্ডন কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই কয় যে তেনে অভিযোগ  মনেসজা আৰু ভিত্তিহীন।

শাৰীৰিক অসুস্থতাৰ বাবেহে তেওঁ ইমান দিনে ৰাজহুৱা স্থানত ভূমুকি মৰা নাছিল বুলি ভট্টাচাৰ্য্যই কয়।

আছুৰ সংগ্ৰামী সত্বা অটুট ৰাখি সংগঠনটোৱে  সদায় ৰাজনৈতিক বৃত্তৰ বাহিৰত থকাটো সকলোৱে বিচাৰে বুলি তেওঁ মন্তব্য কৰে।

Related News