NORTHEAST NOW (Assamese)

দেশলৈ উভতি অহাৰ পিছতেই গ্ৰেপ্তাৰ ধৰ্ষণত অভিযুক্ত ক্ৰিকেটাৰ; লামিচানৰ দাবী-‘মই নিৰ্দোষ’

October 6, 2022 4:49 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশলৈ উভতি অহাৰ পিছতেই নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সন্দীপ লামিছানেক গ্ৰেপ্তাৰ কৰা হৈছে। বৰ্তমান তেওঁ আৰক্ষীৰ জিম্মাত আছে। তেওঁৰ বিৰুদ্ধে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ আছিল। বহুদিন ধৰি পলাতক হৈ থকাৰ পিছত নেপাল আৰক্ষীয়ে তেওঁক ধৰিবলৈ ইণ্টাৰপোলৰ সহায় লৈছিল। অৱশেষত তেওঁ বৃহস্পতিবাৰে ৰাতিপুৱা নেপাললৈ উভতি আহে। অভিযোগ উঠাৰ পিছৰে পৰা সন্দীপে বাৰে বাৰে নিজকে নিৰ্দোষ বুলি দাবী কৰি আহিছে।

বৃহস্পতিবাৰে ৰাতিপুৱা কাঠমাণ্ডুত উপস্থিত হোৱাৰ পূৰ্বেও আইপিএলৰ খেলুৱৈগৰাকীয়ে ফেচবুকত নিজক নিৰ্দোষ বুলি দাবী কৰে।

টুইটাৰত সন্দীপে লিখিছে, “মই মোৰ দায়িত্ব বজাই ৰাখি নেপাল চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ যাওঁ। মই নিশ্চিত যে মোৰ সৈতে ন্যায় কৰা হ’ব। অতি সোনকালেই মই খেলপথাৰলৈ উভতি আহি ক্ৰিকেট খেলিব পাৰিম। মই তদন্তৰ সকলো পৰ্যায়তে যিকোনো ধৰণে সহায় কৰিম। মই মোৰ নিৰ্দোষতা প্ৰমাণ কৰিবলৈ আইনী যুঁজ দিম।”

উল্লেখ্য যে এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত নেপালৰ আৰক্ষীয়ে নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক তথা আইপিএল খেলুৱৈ সন্দীপ লামিছানেক বিচাৰি উলিয়াবলৈ ইণ্টাৰপোলৰ সহায় বিচাৰিছিল।

তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানাও জাৰি কৰা হৈছিল। কিন্তু স্বদেশলৈ উভতি অহাৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও তেওঁ নেপালৰ আদালতত হাজিৰ হোৱা নাছিল। যদিও তেওঁ ছ’চিয়েল মিডিয়াত যথেষ্ট সক্ৰিয় হৈ আছিল।

অৱশেষত নেপাল আৰক্ষীয়ে ইণ্টাৰপোলৰ সহায় অবিহনে সন্দীপক নেপাললৈ ঘূৰাই অনাটো সম্ভৱ নহয় বুলি বিবেচনা কৰে।

যোৱা ২৫ ছেপ্টম্বৰত ইণ্টাৰপোলে সন্দীপ লামিছানেৰ বিৰুদ্ধে এক ডিফিউছন নটিছ জাৰি কৰিছিল। একে সময়তে সন্দীপ লামিছানেক নেপাললৈ ঘূৰাই অনাৰ ক্ষেত্ৰত সকলো সম্ভৱ সহায় আগবঢ়োৱাৰ বাবে ইণ্টাৰপোলৰ সদস্য দেশসমূহক অনুৰোধ জনোৱা হৈছিল

আনহাতে, সেইদিনাই’চিয়েল মিডিয়াত এক দীঘলীয়া পোষ্টত সন্দীপে কৈছিল যে তেওঁ বৰ্তমান আইছ’লেশ্যনত আছে। অতি সোনকালে ঘৰলৈ উভতি অহাৰ কথা উল্লেখ কৰি সন্দীপে লিখিছিল, “মোৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোৱানা জাৰি কৰাৰ পিছত মই অসুস্থ হৈ পৰিছিলো। শাৰীৰিক আৰু মানসিকভাৱে মই বহুত দুৰ্বল হৈ পৰিছো। মই মোৰ বিৰুদ্ধে থকা অভিযোগৰ বিৰুদ্ধে যুঁজিবলৈ শক্তি বিচাৰো। অলপ সুস্থ হ’লেই দেশলৈ উভতি যাম।‘’

তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে সন্দীপে কৈছিল যে তেওঁ খেলৰ পৰা বিৰতি ল’ব আৰু দেশলৈ উভতি আহি আইনী যুঁজ দিব। কিন্তু তেওঁ নেপাললৈ উভতি অহা নাছিল।

১৭ বছৰীয়া কিশোৰীগৰাকীয়ে সন্দীপৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যে তেওঁক নেপালী অধিনায়কগৰাকীয়ে কাঠমাণ্ডুৰ এখন হোটেলত ধৰ্ষণ কৰিছিল। প্ৰথমতে লামিছানে এই অভিযোগৰ কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। তেওঁ ২০১৮ চনৰ পৰা দুবছৰ দিল্লী কেপিটেলছৰ হৈ আই পি এল খেলিছিল।

স্পিনাৰগৰাকীয়ে মুঠ ৯ খন খেলত ১২ টা উইকেট দখল কৰিছিল। তেওঁ নেপালৰ একমাত্ৰ খেলুৱৈ আছিল যিয়ে আই পি এলত সুযোগ পাইছিল। তেতিয়াৰে পৰা সন্দীপ লামিছানে নেপাল ক্ৰিকেটৰ ‘পোষ্টাৰ বয়’ হিচাপে আত্মপ্ৰকাশ কৰিছে।

Related News