NORTHEAST NOW (Assamese)

ক্ৰীড়াক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণক লৈ গুৰুত্বপূৰ্ণ মন্তব্য ছানিয়া মিৰ্জাৰ, চাওক ভিডিঅ’!

April 7, 2021 8:22 pm · এন ই নাও নিউজ

ক্ৰীড়াক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ সন্দৰ্ভত কেতবোৰ গুৰত্বপূৰ্ণ মন্তব্য কৰিছে টেনিছ তাৰকা ছানিয়া মিৰ্জাই।

ইনষ্টাগ্ৰামত প’ষ্ট কৰা ভিডিঅ’ত নাৰীয়ে টেনিছ খেলাক লৈ জনমানসত প্ৰচলিত কেতবোৰ ধ্যান-ধাৰণাক আলোকপাত কৰিছে।

ছানিয়াই কয় যে নাৰীসকলক প্ৰায়ে সামাজিকভাৱে কোৱা হয় যে ক্ৰীড়াক্ষেত্ৰখন ল’ৰাৰ বাবে, ছোৱালীয়ে কেৱল ৰন্ধা-বঢ়া শিকিব লাগে।

সমাজে নাৰী আৰু পুৰুষৰ বাবে বৃত্তিগত পাৰ্থক্য সৃষ্টি কৰা বুলিও তেওঁ কয়।

তাৰপাছতে তেওঁ সমাজত নাৰীক লৈ ধ্যান-ধাৰণাৰ আন এক দিশ উন্মোচিত কৰে।

 

View this post on Instagram

 

A post shared by Sania Mirza (@mirzasaniar)

”যদি তুমি বহুত ক’লা হৈ যোৱা, তোমাক কোনে বিয়া কৰাব?”- সমাজৰ এই বদ্ধমূল ধাৰণাটো উল্লেখ কৰি টেনিছ তাৰকাগৰাকীয়ে কয় যে ই এক বৰ্ণবাদ।

টেনিছ তাৰকাগৰাকীয়ে নিজেও এনেধৰণৰ মন্তব্য সহ্য কৰি অহা বুলি তেওঁ জনায়।

”এটা পৰিয়াল চলাই থকাৰ সময়ত তুমি কেনেকৈ এটা টুৰ্ণামেণ্টত অংশ ল’বা?”, ”তোমাৰ খেলৰ কেৰিয়াৰ তুমি মাতৃ হোৱাৰ লগে লগে শেষ হ’ব!”- এনেধৰণৰ মন্তব্যও তেওঁ লাভ কৰা বুলি জনায়।

ইয়াৰ বিপৰীতে, এই সকলো মন্তব্য শুনিও ছানিয়া মিৰ্জাই নিজৰ সুদীৰ্ঘ কেৰিয়াৰত সফলতা লাভ কৰিছে।

২০১৯ চনত তেওঁৰ প্ৰথম সন্তান ইজহানৰ জন্মৰ পাছতো তেওঁ টেনিছ অব্যাহত ৰাখিছে।

ইনষ্টাগ্ৰামত ভিডিঅ’টো প’ষ্ট কৰাৰ এদিন পাছতে প’ষ্টটোৱে ৫ লাখ দৰ্শক লাভ কৰিছে।

তদুপৰি প’ষ্টটোৰ কমেণ্ট শিতানত ক্ৰিকেটাৰ কে এল ৰাহুল, অনন্যা বিৰলা, অনম মিৰ্জাৰ দৰে চেলিব্ৰেটীয়ে তাৰকাগৰাকীক সমৰ্থন কৰিছে।

Related News