NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; জু-ৰোডৰ স্পেনিছ গাৰ্ডেন ছেনিটাইজ কৰিলে প্ৰশাসনে

Posted by: দ্বীপজ্যোতি শর্মা Updated by: দ্বীপজ্যোতি শর্মা April 4, 2020 5:11 pm
index.jpg0

গুৱাহাটীৰ এজন ব্যৱসায়ী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে ক’ৰ’না ভাইৰাছ বিয়পিব নোৱাৰাকৈ স্পেনিছ গাৰ্ডেনত ছেনিটাইজ কৰিছে প্ৰশাসনে।

গুৱাহাটী পৌৰ নিগমে অগ্নিনিৰ্বাপক বাহিনীৰ সহযোগত কৰিলে ছেনিটাইজ।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত ব্যৱসায়ীজন গুৱাহাটীত নিজৰ পৰিয়ালৰ সৈতে স্পেনিছ গাৰ্ডেনৰ ফ্লেট নম্বৰ ৭০৪ ত বাস কৰে।

লোকজনে ২৮ ফেব্ৰুৱাৰীত ব্যৱসায়িক সংক্ৰান্তত দিল্লীলৈ গৈছিল আৰু ১ মাৰ্চত গুৱাহাটীলৈ ঘূৰি আহিছিল।

৩ এপ্ৰিলত লোকজনৰ দেহত ক’ৰ’না ভাইৰাছৰ অৱস্থিতি জানিব পৰা যায়৷

উল্লেখ্য যে, ১৪ দিনে দেহত  নাছিল  কোনো কৰ’না ভাইৰাছৰ কোনো লক্ষণ।

সৰুসজাইৰ আছুতীয়া কক্ষত আছিল লোকজন। স্বাস্থ্য পৰীক্ষা কৰাৰ পিছত পোহৰলৈ আহিল কৰ’না ভাইৰাছৰ অৱস্থিতি।

বৰ্তমান MMCHত ৰখা হৈছে স্পেনিছ গাৰ্ডেনৰ আৱাসীজনক।

উল্লেখযোগ্য ব্যৱসায়ীজনে নিজৰ শৰীৰ ক’ৰ’না ভাইৰাছৰ অৱস্থিতিৰ কথা গম পোৱাৰ লগে লগে নিজৰ ৱোটচএপ ষ্টেটাছৰ যোগেৰে  তেওঁৰ সংস্পৰ্শলৈ অহা সকলো লোক কোৱাৰাণ্টাইন হ’ব লাগে বুলি আহ্বান জনাইছে ৷