NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতক ৭,৬৪২ কোটি টকাৰ আৰ্থিক সাহায্য বিশ্ব বেংকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 4, 2020 4:51 pm

সমগ্ৰ বিশ্বতে নৰ সংহাৰীৰূপ ধাৰণ কৰা ক’ৰ’না ভাইৰাছে ইতিমধ্যে ভাৰততো আতংকৰ সৃষ্টি কৰিছে। প্ৰতিদিনে এই মাৰাত্মক ভাইৰাছবিধত আক্ৰান্ত আৰু মৃত্যু হোৱাৰ লোকৰ সংখ্যা বৃদ্ধি পাই গৈ আছে ভাৰতত।

এনে এক সন্ধিক্ষণতে বিশ্ব বেংকে ভাৰতক ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যঁজিবলৈ আৰ্থিক সাহায্য আগবঢ়াইছে ১ বিলিয়ন মাৰ্কিন ড’লাৰ। ভাৰতীয় মূল্যত ইয়াৰ পৰিমাণ হ’ব প্ৰায় ৭,৬৪২ কোটি টকা।

১৩০ কোটি জনসংখ্যাৰ বিকশিত ৰাষ্ট্ৰ ভাৰতেই হৈছে দক্ষিণ পূৱ এছিয়াৰ ভিতৰত বিশ্ব বেংকৰ পৰা সৰ্বাধিক পৰিমাণৰ আৰ্থিক সাহায্য লাভ কৰা দেশ।

আনহাতে দক্ষিণ পূৱ এছিয়াৰ ভাৰতৰ প্ৰতিৱেশী ৰাষ্ট্ৰ ক্ৰমে পাকিস্তান ২০০, শ্ৰীলংকাই ১২৮.৬, আৰু আফগানিস্তানলৈ ১০০.৪ মিলিয়ন মাৰ্কিন ড’লাৰকৈ সাহায্য আগবঢ়াইছে বিশ্ব বেংকে।

ভাৰতে আজি ২১ ল’কডাউনৰ নৱম দিনত ভিৰ দিছে। ইতিমধ্যে ভাৰতত ২,৫৪৩ জন লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ৭২ জন আক্ৰান্তৰ মৃত্যু ঘটিছে।