NORTHEAST NOW (Assamese)
অসম

মুম্বাই বিস্ফোৰণৰ অভিযুক্ত সঞ্জয় দত্তক ভিছা নিদিয়ে আমেৰিকাই, চিকিৎসা চলিব ছিংগাপুৰত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 12, 2020 6:49 pm
sd-pti

মুন্না ভাই অসুস্থ। খবৰটোৱে জোকাৰি গৈছে দেশৰ প্ৰতিজন কলাপ্ৰেমী লোকৰে হৃদয়।

১১ আগষ্টৰ দিনা মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা সঞ্জয় দত্তৰ হাঁওফাঁওৰ কৰ্কট ৰোগ ধৰা পৰাৰ পিছতে তেওঁক আমেৰিকালৈ চিকিৎসাৰ বাবে নিয়াৰ যো-জা চলোৱা হৈছিল।

আমেৰিকাৰ শ্লোয়ান কেটেৰিং কেঞ্চাৰ চেণ্টাৰত সঞ্জয় দত্তৰ চিকিৎসা কৰোৱাৰ কথা আছিল যদিও শেষ মূহুৰ্তত সেই পৰিকল্পনা পৰিত্যাগ কৰিবলগীয়া হৈছে বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে।

সঞ্জয় দত্তৰ পৰিয়ালে ভিছাৰ বাবে মাৰ্কিন প্ৰশাসনৰ ওচৰত আবেদন জনাইছিল যদিও মাৰ্কিন প্ৰশাসনে ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণ কাণ্ডত জৰিত থকাৰ বাবেই সঞ্জয় দত্তক ভিছা প্ৰদান কৰিবলৈ অস্বীকাৰ কৰা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

আমেৰিকাৰ শ্লোয়ান কেটাৰিং কেঞ্চাৰ চেণ্টাৰতে সঞ্জয় দত্তৰ মাতৃ নাৰ্গিছৰো চিকিৎসা কৰা হৈছিল।

কিন্তু সঞ্জয় দত্তৰ ক্ষেত্ৰত আমেৰিকাই তেওঁক উক্ত চিকিৎসা কেন্দ্ৰত চিকিৎসাৰ বাবে অনুমতি দিয়া নাই।

আমেৰিকাই ভিছা দিবলৈ অস্বীকাৰ কৰাৰ পিছতে সঞ্জয় দত্তৰ চিকিৎসা ছিংগাপুৰত কৰোৱাৰ বাবে পৰিয়ালে সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য ১৯৯৩ৰ মুম্বাই বিস্ফোৰণ কাণ্ডৰ পিছতে আৰক্ষীয়ে টাডা আইনৰ অধীনত সঞ্জয় দত্তক গ্ৰেপ্তাৰ কৰিছিল।

বহু দিন জে’লত থকাৰ পিছত আদালতে তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। পিছত আদালতে তেওঁক গোচৰটোৰ পৰা মুক্ত বুলি ঘোষণা কৰিছিল।

ভিছা বাতিলৰ  পিছতো সঞ্জয়ৰ শুভাকাংক্ষী সকলে কেনেবাকৈ আমেৰিকাৰ ভিছা মঞ্জুৰ কৰিব পাৰি নেকি সেই  চেষ্টা অব্যাহত ৰাখিছে।