NORTHEAST NOW (Assamese)

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

January 20, 2021 7:04 pm · এন ই নাও নিউজ

ৰাজস্থান ৰোয়েলছে ২০২১ চনৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পূৰ্বে নতুন অধিনায়ক হিচাপে নিযুক্তি দিছে উইকেট ৰক্ষক বেটছমেন সঞ্জু ছেমছনক।

২৬ বছৰীয়া ছেমছনে অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ স্মিথ স্মিথৰ পৰিৱৰ্তে ৰাজস্থান ৰোয়েলছক নেতৃত্ব প্ৰদান কৰিব।

বিগত বৰ্ষৰ আই পি এলত ৰাজস্থান ৰোয়েলছে হতাশজনক প্ৰদৰ্শন দাঙি ধৰাৰ পাছতে ৰাজস্থান ৰোয়েলছে স্মিথক দলত নৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

য়ু এ ইত অনুষ্ঠিত হোৱা আই পি এলত ৰাজস্থান ৰোয়েলছে পইণ্ট তালিকাৰ অন্তিম স্থানত আছিল।

বিগত বৰ্ষৰ আই পি এলত স্মিথে ৰাজস্থানক নেতৃত্ব প্ৰদান কৰি আটাইকেইখন খেলতে অংশগ্ৰহণ কৰি ১৩১.২২ ষ্ট্ৰাইক ৰেটেৰে সৈতে মুঠ ৩১১ ৰান সংগ্ৰহ কৰিছিল।

উল্লেখযোগ্য যে, আই পি এলত দাঙি ধৰা উল্লেখযোগ্য প্ৰদৰ্শনৰ সুবাদতে সঞ্জু ছেমছনে অষ্ট্ৰলিয়াৰ বিৰুদ্ধে সদ্য সমাপ্ত টি-২০ শৃংখলাত ঋষভ পণ্টৰ স্থানত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল।

Related News