NORTHEAST NOW (Assamese)

আজি অন্ত পৰিব মুখ্যমন্ত্ৰী কেন্দ্ৰিক চৰ্চা! জৰুৰীভাৱে দিল্লীলৈ তলব সোণোৱাল-হিমন্তক

May 8, 2021 6:30 am · কল্পজ্যোতি শইকীয়া
Updated: May 8, 2021 6:46 am

কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী? তাক লৈ সৰ্বত্ৰে আলোচনা চলি থকাৰ মাজতে সৰ্বানন্দ সোণোৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মাক জৰুৰীকালীনভাৱে দিল্লীলৈ তলব কৰা হৈছে।

কোভিডৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে দিল্লীলৈ দুয়োগৰাকী নেতাকে তলব কৰাৰ বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

শনিবাৰে দুয়োগৰাকী নেতাৰ সৈতে বৈঠকত  মিলিত হব সংসদীয় পৰিক্ৰমা বৰ্ড আৰু কেন্দ্ৰীয় নেতৃত্ব।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই সৰ্বানন্দ-হিমন্তৰ লগত পুৱা ১০ বজাত এক বৈঠকত মিলিত হ’ব।

সেইদৰে, আজি দিনৰ ১২ বজাত মুখ্যমন্ত্ৰী কোন হ’ব সেই সন্দৰ্ভত অৱগত হ’ব অসমৰ ৰাইজ।

জানিব পৰা মতে, সোণোৱাল আৰু শৰ্মা দুয়োগৰাকীয়ে একেখন চাৰ্টাৰ্ড প্লেনেৰে দিল্লীলৈ ৰাওনা হ’ব।

ভয়াবহ কোভিড পৰিস্থিতিৰ মাজত কাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিলে অসমৰ বাবে ভাল হ’ব তেনে এগৰাকী পৰৱৰ্তী মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিব সংসদীয় পৰিক্ৰমা ব’ৰ্ডে।

এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে কোন হ’ব পৰৱৰ্তী মুখ্যমন্ত্ৰী সেয়া শনিবাৰে সন্ধিয়া অথবা দেওবাৰে ৰাতিপুৱা স্পষ্ট হ’ব।

Related News