NORTHEAST NOW (Assamese)

ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থাপন কৰা চতিয়া থানাক ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে মুকলি মুখ্য মন্ত্ৰীৰ

July 28, 2020 2:23 pm · কাজি জেইদুল ইছলাম

বৃটিছৰ আমোলতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৯১৩ চনত  স্থাপন কৰা ইতিহাস প্ৰসিদ্ধ চতিয়া থানাখন সুদীৰ্ঘ দশক ধৰি উপেক্ষিত হৈ থাকিবলগীয়া হৈছে ৷

অৱশেষত সোমবাৰে ইতিহাস প্ৰসিদ্ধ চতিয়া থানাক অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে সংৰক্ষণৰ বাবে প্ৰত্নতত্ত্ব বিভাগক দ্বায়িত্ব অৰ্পণ কৰি ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে আনুষ্ঠানিকভাৱে মুকলি কৰে।

মুখ্য মন্ত্ৰী সোণোৱালে দিনজোৰা বিশ্বনাথ চাৰিআলি ভ্ৰমণৰ সময়ত বিশ্বনাথ চাৰিআলিৰ আৱৰ্ত ভৱনত‌ এখন গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰে ।

এই বৈঠকতে সোণোৱালে কণ্ঠশিল্পী নাহিদ আফ্ৰীন আৰু মিছবাহুল কৰিমক সম্বৰ্ধনা জ্ঞাপন কৰে।

 সদ্যঘোষিত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৬.৪ শতাংশ নম্বৰ লাভ কৰি উজলি উঠিবলৈ সক্ষম হোৱা নাহিদক সম্বৰ্থনা জ্ঞাপন কৰি তেওঁৰ উজ্বল ভবিষ্যত কামনা কৰে মুখ্য মন্ত্ৰী সোণোৱালে।

আনহাতে, বিশ্বনাথ চাৰিআলি লিটিলষ্টাৰ স্কুলৰ ছাত্ৰ মিছবাহুল কৰিমে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৮৪ নম্বৰ লাভ কৰি অসমৰ ভিতৰত দশমস্থান লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছিল সমগ্ৰ জিলাখনত ৷

Related News