ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য সমিতিৰ ৪৮সংখ্যক বৈঠকত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ সমীপৱৰ্তী প্ৰাচীন বৌদ্ধ পীঠস্থান সাৰনাথক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই স্বীকৃতিৰ লগে লগে সাৰনাথে ভাৰতৰ ৪৫সংখ্যক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে গৌৰৱ অৰ্জন কৰিছে।
খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বুদ্ধত্ব প্ৰাপ্তিৰ পিছত ভগৱান বুদ্ধই প্ৰথমে সাৰনাথলৈ যাত্ৰা কৰিছিল। উল্লেখযোগ্য যে এই স্থানতেই ১৯০৫ চনত সম্ৰাট অশোকৰ সিংহ শীৰ্ষযুক্ত স্তম্ভটি আৱিষ্কৃত হৈছিল, যিটো পৰৱৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক হিচাপে গৃহীত হয়। সাৰনাথ বৌদ্ধ ধৰ্মৰ চাৰিখন প্ৰধান তীৰ্থস্থানৰ ভিতৰত অন্যতম। অন্য তিনিখন তীৰ্থস্থান হ’ল ভাৰতৰ বোধগয়া আৰু কুশীনগৰ, লগতে নেপালৰ লুম্বিনী। ইয়াৰে বোধগয়া আৰু লুম্বিনীয়ে আগৰেপৰাই বিশ্ব ঐতিহ্যৰ তালিকাত অন্তৰ্ভুক্ত হৈ আছিল।
এই সন্দৰ্ভত প্ৰকাশ কৰা এক বিবৃতিত ইউনেস্ক’ই উল্লেখ কৰিছে যে সাৰনাথতেই ভগৱান বুদ্ধই তেওঁৰ প্ৰথম শিষ্যসকলৰ সাক্ষাৎ লাভ কৰিছিল আৰু প্ৰথম ধৰ্মোপদেশ প্ৰদান কৰিছিল। এই ঘটনাকেই বৌদ্ধ ধৰ্মীয় শিক্ষাৰ প্ৰসাৰৰ আৰম্ভণি বুলি গণ্য কৰা হয়। বৰ্তমান এই ঐতিহ্য দুটা সংৰক্ষিত পুৰাতাত্ত্বিক স্থানত বৰ্তি আছে। চৌখণ্ডী স্তূপ আৰু সাৰনাথৰ পুৰাতাত্ত্বিক অৱশেষ, যাৰ ভিতৰত ধমেক স্তূপ আৰু ধৰ্মৰাজিকা স্তূপ অন্তৰ্ভুক্ত। এই কীৰ্তিচিহ্নসমূহে মিলিতভাৱে এক ঐতিহাসিক পৰিৱেশ গঢ়ি তুলিছে, যাক সাধাৰণতে ডিয়াৰ পাৰ্ক বুলি জনা যায়। বৌদ্ধ পৰম্পৰা অনুসৰি এই স্থানকেই ঋষিপতন, ইচিপতন আৰু মৃগদাৱ নামেৰেও অভিহিত কৰা হয়, আৰু বিভিন্ন ঐতিহাসিক আখ্যান তথা কিংবদন্তিৰ জৰিয়তে এই নামসমূহ পবিত্ৰ গ্ৰন্থসমূহত সংৰক্ষিত হৈ আহিছে।