NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁৱত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ অসমী শাৰদীয় মেলাৰ আয়োজন

Posted by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও Updated by: প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও September 29, 2022 1:33 pm
বঙাইগাঁৱত দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি তিনিদিনীয়াকৈ অসমী শাৰদীয় মেলাৰ আয়োজন

সমাগত শাৰদীয় দুৰ্গোৎসৱৰ লগত সংগতি ৰাখি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনৰ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বঙাইগাঁও জিলাৰ  উদ্যোগত বঙাইগাঁও চহৰৰ গান্ধী ময়দানত তিনিদিনীয়াকৈ শাৰদীয় মেলাৰ আয়োজন কৰিছে ৷ এই অসমী শাৰদীয় মেলাৰ বুধবাৰে আনুষ্ঠানিকভাৱে বঙাইগাঁও জিলাৰ উপায়ুক্ত নৱদ্বীপ পাঠকে শুভ উদ্বোধন কৰে ৷

জিলা উপায়ুক্তগৰাকীয়ে শাৰদীয় মেলা উদ্বোধন কৰি কয় যে বঙাইগাঁৱত আঢ়ৈ হেজাৰ আত্ম সহায়ক গোট আছে আৰু তেওঁলোকৰ ২০২১- ২২ বৰ্ষত মুঠ টাৰ্ণঅভাৰ আছিল প্ৰায় ৬০ কোটি টকা ৷ যিটো বিভাগটোৰ  বাবে এটা অন্যমত সফলতা আৰু এই ক্ষেত্ৰত আন জিলাসমূহৰ সৈতে বঙাইগাঁও জিলাও এখন আগশাৰীৰ জিলাৰ ভিতৰত পৰে ৷

আত্ম সহায়ক গোটত জিলাখনৰ মহিলাসকল জড়িত হৈ থাকে আৰু মহিলাসকলৰ স্বাৱলম্বীতাও এটা নিদৰ্শন ৷ এই ক্ষেত্ৰত বঙাইগাঁও জিলা যথেষ্ট আগবঢ়া ৷ উল্লেখ্য যে মেলাত জিলা খনৰ পাঁচটা উন্নয়ন খণ্ডৰ মুঠ ২০ টা আত্ম সহায়ক গোটৰ সদস্যাৰ দ্বাৰা  উৎপাদিত বিভিন্ন সা- সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ৷

মেলাত আত্ম সহায়ক গোটৰ মহিলা আৰু তেওঁলোকৰ পৰিয়ালৰ ল’ৰা-ছোৱালীৰ লগতে ছাত্র -ছাত্ৰী সকলৰ মাজত পৰম্পৰাগত খেল ধেমালি,  গীত, নৃত্য প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান ৰূপায়ণ কৰা হ’ব ।