NORTHEAST NOW (Assamese)
অসম

ধুবুৰীত নাও ডুবি চক্ৰ বিষয়াসহ সাতজন সন্ধানহীন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 29, 2022 1:52 pm

ধুবুৰীত আন এক নাও দুৰ্ঘটনাগ্ৰস্ত হৈ ডুবি যোৱাৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত সাতজনৰো অধিক লোক সন্ধানহীন হৈছে।

বাতৰি অনুসৰি, ব্ৰহ্মপুত্ৰ নদীত সংঘটিত এই ঘটনাত এগৰাকী চক্ৰ বিষয়াসহ সাতজন লোক সন্ধানহীন হৈছে।

প্ৰায় ২৫ জন লোকক কঢ়িয়াই নিয়া নাওখনত বিষয়াসকলৰ এটা দল আছিল।  জানিব পৰা মতে, দলটো নিৰ্মাণাধীন দলঙৰ ওচৰত খহনীয়া পৰীক্ষা কৰিবলৈ ওলাইছিল।

বাতৰি অনুসৰি ধুবুৰী-ফুলবাৰী দলঙৰ ওচৰত নাওখন ডুবি যায়।

কিছুমানে সুৰক্ষিতভাৱে পাৰলৈ সাঁতুৰিবলৈ সক্ষম হোৱাৰ বিপৰীতে এছডিআৰএফ, এনডিআৰএফ আৰু বিএছএফৰ দলে আনসকলক উদ্ধাৰ কৰে যদিও এতিয়াও সাতজন সন্ধানহীন বুলি জানিব পৰা গৈছে।

সন্ধানহীন লোকসকলৰ ভিতৰৰ এগৰাকী চক্ৰ বিষয়া সঞ্জু দাস বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকক উদ্ধাৰৰ অভিযান এতিয়াও চলি আছে। অৱশ্যে, ঘটনাটোত কোনো লোক হতাহত হোৱাৰ কোনো খবৰ পোৱা হোৱা নাই।