NORTHEAST NOW (Assamese)

ছেটেলাইট চিটিৰ নামত খিলঞ্জীয়াৰ ভূমিত চকু হিমন্তৰ চৰকাৰৰ! পুঁজিপতিক মাটি এৰি দিবলৈ কোনোপধ্যেই প্ৰস্তুত নহয় তিৱা সমাজ

May 16, 2026 12:17 pm · এন ই নাও নিউজ, গুৱাহাটী

জাতি-মাটি-ভেটিৰ সুৰক্ষা আৰু খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ গৰ্জন দি শাসনৰ গাদীত বহা ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক এইবাৰ তীব্ৰ প্ৰত্যাহ্বান জনালে জাগীৰোডৰ খিলঞ্জীয়া জনজাতি ৰাইজে। মন্ত্ৰী পীযুষ হাজৰিকাৰ জাগীৰোড সমষ্টিৰ গোভা মৌজাৰ অন্তৰ্গত তিৱা গাঁও সিন্ধিশৰত ছেটেলাইট চিটি বা টাউনশ্বিপ নিৰ্মাণৰ নামত চৰকাৰে আৰম্ভ কৰা জৰীপ কাৰ্যক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত জুই জ্বলিছে। যুগ যুগ ধৰি বসবাস কৰি অহা ভূমি হেৰুওৱাৰ আশংকাত ক্ষোভিত হৈ পৰা স্থানীয় ৰাইজ বিশেষকৈ মহিলাসকলে চৰকাৰী আঁচনিক প্ৰত্যাখ্যান কৰি কৈছে যে তেওঁলোকক চৰকাৰৰ অৰুণোদয় আঁচনি নালাগে, তেওঁলোকক কেৱল নিজৰ পৈতৃক ভেটি আৰু মাটিহে লাগে। চৰকাৰী উচ্ছেদৰ এই চক্ৰবেহুৰ বিৰুদ্ধে এতিয়া ৰাজপথলৈ ওলাই আহিছে তিৱা, বড়ো, কাৰ্বি আৰু গোৰ্খা আদি জনগোষ্ঠীৰ লোকসকল।

উল্লেখ্য যে, নিৰ্বাচনৰ সময়ত খিলঞ্জীয়াৰ অধিকাৰৰ কথা কোৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এতিয়া উন্নয়নৰ নামত পুঁজিপতি গোষ্ঠীক সন্তুষ্ট কৰিবলৈ জনজাতীয় লোকৰ ভূমি কাঢ়ি লবলৈ ষড়যন্ত্ৰ ৰচনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। সদৌ তিৱা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সিন্ধিশৰত অনুষ্ঠিত এক বিশাল জনজাগৰণ সভাত চৰকাৰৰ এই ভূমি অধিগ্ৰহণৰ পদক্ষেপক তীব্ৰ বিৰোধিতা কৰিছে। স্বাধীনতাৰ পূৰ্বৰে পৰা, আনকি ৰজাদিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি বাস কৰি অহা এইসকল খিলঞ্জীয়া বনবাসী লোকক কোনোপধ্যে উচ্ছেদ কৰিবলৈ দিয়া নহব বুলি চৰকাৰক হুংকাৰ দিছে। ২০১০ চনৰে পৰা ভূমি আইন অনুসৰি অধিকাৰ লাভ কৰা এই ভূমিত এতিয়া ছেটেলাইট চিটিৰ নামত চকু দিয়া কাৰ্যই চৰকাৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে।

যোৱা বৃহস্পতিবাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ স্থানীয় বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী পীযুষ হাজৰিকাই আন্দোলনকাৰী নেতৃত্বৰ সৈতে আলোচনাত বহিছিল যদিও চৰকাৰৰ ফোঁপোলা আশ্বাসে আন্দোলনকাৰীসকলক পতিয়ন নিয়াব পৰা নাই। ইয়াৰ পিছতে হাজাৰ হাজাৰ লোকে নিজৰ ভূমি ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই আহে। মন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাৰ পিছতো কোনো সুনিশ্চিত সমাধান নোলোৱাত ক্ষুব্ধ ৰাইজে মৰিগাঁও জিলা আয়ুক্ত আৰু জাগীৰোড সমজিলাৰ আয়ুক্তক সাক্ষাৎ কৰি নিজৰ স্থিতি স্পষ্ট কৰি দিয়ে। স্থানীয় ৰাইজৰ লগতে তিৱা ছাত্ৰ সন্থাই হুংকাৰ দিছে যে যদিহে চৰকাৰে এই আত্মঘাতী সিদ্ধান্ত সলনি নকৰে, তেন্তে আগন্তুক দিনত অসম বন্ধ আৰু ৰাজপথ অৱৰোধৰ দৰে ভয়াবহ জংগী আন্দোলন গঢ়ি তোলা হব।

ডিমৰীয়াৰ টোপাতলীস্থিত তিৱা ভাষা গৱেষণা কেন্দ্ৰত অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ সংবাদমেলত সদৌ তিৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় আৰু কামৰূপ জিলা সমিতিয়ে ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতাৰণাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে। তিৱা স্বায়ত্ত পৰিষদক সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবীত বিগত ৩৬ বছৰে চলি অহা আন্দোলনক লৈ চৰকাৰে হেতালি খেলি থকা বুলি সন্থাই ক্ষোভ উজাৰে।ইপিনে তিৱা ছাত্ৰ সন্থাৰ সভাপতি প্ৰশান্ত মছৰং, সাধাৰণ সম্পাদক তৰুণ মাদাৰকে ধৰি শীৰ্ষ নেতৃত্বই স্পষ্ট কৰি দিয়ে যে তেওঁলোকে জাগীৰোডৰ পুৰণি কাগজ কলৰ ভূমিত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প স্থাপন হোৱা কাৰ্যক আদৰণি জনাইছে। কিন্তু সেই প্ৰকল্পৰ দোহাই দি খিলঞ্জীয়া তিৱা লোকসকলৰ ভূমি অধিগ্ৰহণ কৰি পুঁজিপতিৰ স্বাৰ্থত টাউনশ্বিপ পতা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ’ব। তেওঁলোকে স্পষ্টকৈ কয় যে তেওঁলোক উন্নয়নৰ বিৰোধী নহয়, কিন্তু জনজাতিসকলৰ অস্তিত্ব বিপন্ন কৰি কৰা কোনো উন্নয়ন তেওঁলোকে গ্ৰহণ নকৰে। বনভূমি আইন ২০০৬ অনুসৰি সিন্ধিশৰৰ লোকসকলক অতি সোনকালে ভূমি পট্টা প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে মৰিগাঁও জিলাৰ ৭ টা ট্ৰাইবেল বেল্ট আৰু ব্লকত থকা প্ৰায় ২৮,০২২ বিঘা ভূমি অবৈধ বেদখলকাৰীৰ কবলৰ পৰা মুক্ত কৰিবলৈও চৰকাৰক আহ্বান জনাইছে। চৰকাৰে যদি জুন মাহৰ ভিতৰত এই দাবীসমূহ পূৰণ নকৰে, তেন্তে সমগ্ৰ তিৱা সমাজ চৰকাৰৰ বিৰুদ্ধে ৰাজপথলৈ নামি আহিব বুলি চৰম সকীয়নি প্ৰদান কৰা হৈছে।

Related News