NORTHEAST NOW (Assamese)
অসম

কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 24, 2020 5:30 pm
কা’ বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীৰে শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানৱ শৃংখল

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সমগ্ৰ অসমত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদৰ অংশস্বৰূপে আজি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিয়ে এই প্ৰতিবাদ সাব্যস্ত কৰে।

প্ৰতিবাদকাৰী সকলে প্ৰতিবাদকালত কেন্দ্ৰীয় চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ বাবে দাবী জনোৱাৰ লগতে কাৰাগাৰত থকা কৃষক নেতা অখিল গগৈৰ শীঘ্ৰে মুক্তি বিচাৰি এক মানৱ শৃংখল গঠন কৰে।

কেন্দ্ৰ চৰকাৰে নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে প্ৰত্যাহাৰ নকৰিলে অসমত বিজেপিয়ে চৰম বিপৰ্যয়ৰ মুখামুখি হ’ব লাগিব বুলিও ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী সকলে কয়।

আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক প্ৰণয় হাজৰিকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলাৰ সভাপতি ৰিতুমণি হাজৰিকাকে ধৰি বহু নেতা কৰ্মী উপস্থিত থাকে।

উল্লেখযোগ্য যে, অসমত বিগত বৰ্ষ আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ভৰপক অৱস্থা লাভ কৰা কা’ বিৰোধী আন্দোলন ক’ৰ’নাৰ বাবে পৰৱৰ্তী সময়ত স্তিমিত হৈ পৰে।

আনহাতে, পশ্চিম বংগৰ নিৰ্বাচনী সভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে দেশত ক’ৰ’নাৰ ভেকচিন প্ৰদান কৰা হোৱাৰ পাছতে সম্পুৰ্ণৰূপে কা’ লাঘু কৰা হ’ব বুলি ঘোষোণা কৰিছিল।