NORTHEAST NOW (Assamese)

অনুশোচনা! ৪৩ বছৰত ৫৩ বাৰ বিবাহপাশত আৱদ্ধ হৈও কোনোমতেই নাপালে সুখ

September 17, 2022 10:28 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 17, 2022 10:29 am
প্রতিনিধিত্বমূলক ফটো।

একোতেই যেন শান্তি পোৱা নাছিল। কেৱল এনেকুৱা লাগিছিল যে আন কৰবাত হয়তো শান্তিৰ ঠিকনা থাকিব পাৰে। সেই ঠিকনাৰ সন্ধানত চৌদি আৰৱৰ এজন লোকে এবাৰ-দুবাৰ নহয়,৫৩ বাৰ বিয়া পাতিছে। তেওঁ দাবী কৰিছে যে তেওঁ শাৰীৰিক সুখৰ বাবে নহয়, জীৱনত থিতাপি ল’বলৈ আৰু মানসিক শান্তি পাবলৈ এটাৰ পিছত এটাকৈ বিয়া কৰাবলৈ আৰম্ভ কৰিছিল।

তেওঁৰ নাম আবু আব্দুল্লাহ। বৰ্তমান তেওঁৰ বয়স ৬৩ বছৰ। তেওঁক এতিয়া বহু বিবাহৰ প্ৰতীক হিচাপে দাঙি ধৰা হয়।

লগতে পঢ়ক: ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

এটা চৌদি টেলিভিশ্বন চেনেলক আব্দুল্লাই কয়, ‘’প্ৰথমবাৰ ২০ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিলো। তেওঁ মোতকৈ ৬ বছৰ ডাঙৰ আছিল। সকলো মিলি মই এতিয়ালৈকে ৫৩ গৰাকীক বিয়া কৰাইছো। যেতিয়া মই প্ৰথম বিয়া পাতিছিলো, মই ভবা নাছিলো যে মই আকৌ বিয়া পাতিম। কিয়নো মোৰ পত্নীৰ সন্তান আছিল।কিন্তু কিছুদিনৰ পিছত মই অনুভৱ কৰিলোঁ যে সম্পৰ্কটো স্থায়ী নহ’ব।‘’

২৩ বছৰ বয়সত তেওঁ পুনৰ বিয়া কৰাৰ সিদ্ধান্ত লয়। প্ৰথম পক্ষৰ পত্নীক অৱগত কৰিয়েই তেওঁ দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু বিয়া হোৱাৰ পিছত দুই পক্ষৰ মাজত সমস্যা আৰম্ভ হয়। তাৰ পিছত তেওঁ পুনৰ বিয়া কৰাবলৈ আৰম্ভ কৰিলে। তেওঁ তেওঁৰ প্ৰথম দুগৰাকী পত্নীৰ সৈতে বিবাহ বিচ্ছেদো কৰিছিল।

তেওঁ কয়, “মই এনে এগৰাকী নাৰী বিচাৰি আছিলো যিয়ে মোক অলপ সুখী কৰিব পাৰে। আটাইতকৈ চুটি বিবাহখন আছিল এনিশাৰ বাবে।‘’ অৱশ্যে তেওঁ বিদেশী নাৰীকো বিয়া কৰাইছিল বুলি স্বীকাৰ কৰিছে।

লগতে পঢ়ক: গৰু-ছাগলী পোহাৰ দৰে বিষাক্ত সাপ পোহা চীনৰ এখন গাঁৱে দৃষ্টি আকৰ্ষণ কৰিছে বিশ্বৰ

কিন্তু তেওঁৰ মতে কোনো সৰু নহয়, বয়সত ডাঙৰৰ সৈতে হোৱা বিবাহে জীৱনত স্থিৰতা প্ৰদান কৰে। অৱশ্যে তেওঁ পুনৰ বিয়া নকৰাৰ সিদ্ধান্ত লৈছে। কিন্তু মনক কোনোবাই বুজাই ৰাখিব পাৰে!

Related News