NORTHEAST NOW (Assamese)
অসম

৩০ ছেপ্তেম্বৰত ‘অবৈধ’ হোৱাৰ পৰা বচাওক আপোনাৰ পেন কাৰ্ড ||সবিশেষ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2019 5:43 pm
Save your PAN card before it's too late ||Explained

আধাৰ কাৰ্ডৰ সৈতে সংযোগ নকৰা পেন (Permanent Account Number) কাৰ্ডসমূহ অহা ৩০ ছেপ্তেম্বৰৰ পৰা অবৈধ (invalid) ৰূপে পৰিগণিত হ’ব।

ভাৰতৰ আয়কৰ বিভাগে এবাৰ অবৈধ ঘোষণা কৰাৰ পিছত এই পেন কাৰ্ডসমূহ পুনৰ আৰু আপুনি ব্যৱহাৰ কৰিব নোৱাৰিব, india.comৰ বাতৰিত প্ৰকাশ।

পেন কাৰ্ডৰ সৈতে আধাৰ সংযোগ কৰিবলৈ ক্লিক কৰক– ইয়াত

আপোনাৰ যদি আধাৰ আৰু পেন কাৰ্ড আছে আৰু যদি আপুনি দুয়োটাৰে সংযোগ কৰিছে, তেন্তে চিন্তাৰ কাৰণ নাই। কিন্তু বাকীসকলৰ বাবে ৩০ ছেপ্তেম্বৰ হ’ব শেষ সীমা।

India.comৰ বাতৰি মতে কেন্দ্ৰীয় প্ৰত্যক্ষ কৰ ব’ৰ্ড (Central Board of Direct Taxes)ৰ বিষয়াই জনাইছে যে ভাৰতত বৰ্তমান পেন কাৰ্ড থকা ২০ কোটি লোকৰ আধাৰ কাৰ্ড নথকাটো সম্ভৱ নহয়।

ভাৰতত এতিয়ালৈকে প্ৰায় ২০ কোটি ব্যক্তিৰ পেন আধাৰৰ সৈতে সংযোগ নোহোৱাকৈ আছে। দেশত মুঠ পেন কাৰ্ড আছে ৪৩ কোটি আৰু ইয়াৰ বিপৰীতে আধাৰ আছে ১২১ কোটি।

বাতৰিটোৰ মতে, ঋণ গ্ৰহণ আৰু ক্ৰেদিট কাৰ্ড লোৱাৰ বাবে পেন কাৰ্ডৰ অবৈধ ব্যৱহাৰ হৈ থকা বুলি পোৱা প্ৰতিবেদনৰ ফলতেই এই সিদ্ধান্ত লোৱা হৈছে।

বেংক একাউণ্ট, কৰ পৰিশোধ আদিৰ লগতে পৰিচয় পত্ৰ হিচাপেও পেন কাৰ্ডৰ ব্যৱহাৰ হৈ আহিছে।