NORTHEAST NOW (Assamese)
অসম

কিয় মহাকাশ বিজ্ঞানী হোৱাৰ সপোন বাদ দিলে বিজ্ঞান শাখাত শীৰ্ষস্থান প্ৰাপ্ত চয়নে 

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2019 12:44 pm
sayan mazumdar

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফলত বিজ্ঞান শাখাত ৰামানুজ জুনিয়ৰ কলেজৰ বিতোপন আৰান্ধৰাৰ সৈতে যুতীয়া ভাৱে  দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় শোণিতপুৰ জিলাৰ দৰং মহাবিদ্যালয়ৰ ছাত্ৰ চয়ন মজুমদাৰে।

আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ চয়নে ৯৫.৬ শতাংশ হাৰেৰে ৫০০ ৰ ভিতৰত লাভ কৰে মুঠ ৪৭৮ নম্বৰ। তেওঁ ইংৰাজীত ৯৪, অল্টাৰনেটিভ ইংৰাজীত ৯৮, জীৱ বিজ্ঞানত ৯৫, ৰসায়ন বিজ্ঞানত ৯৭, পদাৰ্থ বিজ্ঞানত ৯৪ আৰু গণিতত ৯০ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।

প্ৰথম স্থান দখল কৰি স্বাভাবিকতে উৎফুল্লিত হৈ পৰা চয়নে তেওঁৰ সাফল্যৰ বাবে প্ৰথমতে পিতৃ-মাতৃ আৰু মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলক কৃতিত্ব প্ৰদান কৰে।

আনহাতে, সাংবাদিকে ভবিষ্যত লক্ষ্য কি বুলি সোধা এটা প্ৰশ্নৰ উত্তৰত মেধাৱী ছাত্ৰগৰাকীয়ে তেওঁৰ প্ৰথম লক্ষ্য আছিল এগৰাকী মহাকাশ বিজ্ঞানী হোৱা কিন্তু পৰিয়ালৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱা বাবে এতিয়া সেই লক্ষ্য ত্যাগ কৰি চিকিৎসক আৰু অভিযন্তা হোৱাৰ বাবে প্ৰৱেশ পৰীক্ষাত অৱতীৰ্ণ হৈছে মত প্ৰকাশ কৰে।

তদুপৰি কিমান ঘণ্টাকৈ পঢ়িছিল বুলি সোধা আন এটা প্ৰশ্নৰ উত্তৰত তেওঁ যেতিয়াই মন যায় তেতিয়াই পঢ়িছিল বুলি কয়।

‘কেতিয়াবা মই ৩-৪ ঘণ্টা  পঢ়িছিলো, কেতিয়াবা ১০-১২ ঘণ্টা আৰু কেতিয়াবা বহু দিন ধৰি পঢ়াও নাছিলো’ চয়নে কয়।

উল্লেখযোগ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থান দখল কৰিবলৈ সক্ষম হোৱা মেধাৱী ছাত্ৰগৰাকীয়ে ৰাসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ত ঘৰুৱা শিক্ষকৰ সহায় লোৱা বুলি মন্তব্য কৰে।