NORTHEAST NOW (Assamese)
Popular Stories

১০ জুলাইৰ পিছত উপকৃত হ’ব SBIৰ হোম লোনৰ গ্ৰাহক, কেনেকৈ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 8, 2020 7:03 pm
SBI_IANS_2_2

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ষ্টেটবেংকৰ হোম লোনৰ গ্ৰাহকসকল ১০ জুলাইৰ পিছত উপকৃত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ষ্টেটবেংকে প্ৰকাশ কৰা তথ্য অনুসৰি ১০ জুলাইৰ পৰা কাৰ্যকৰী হোৱাকৈ বেংকে এম চি এল আৰ অৰ্থাৎ মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট ৫-১০ বেছিছ পইন্টলৈ হ্ৰাস কৰিব।

এই ব্যৱস্থা তিনি মাহৰ বাবে বাহাল থাকিব বুলি জানিব পৰা গৈছে।

এয়া হৈছে ষ্টেট বেংকে চতুৰ্দশ বাৰৰ বাবে মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰাৰ ঘটনা।

ইয়াৰ পূৰ্বেও ষ্টেট বেংকে ১০ জুনত মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস কৰিছিল।

ষ্টেট বেংকে মাৰ্জিনাল ক’ষ্ট অৱ ফাণ্ড বেছড লেণ্ডিং ৰেট হ্ৰাস  কৰাৰ ফলত বেংকটোৰ হোম লোনৰ বহু গ্ৰাহক উপকৃত হ’ব পাৰিব।

বিশেষকৈ হোম লোনৰ  সেই সকল গ্ৰাহক উপকৃত হ’ব যি সকলে জুলাই মাহৰ নিৰ্দ্দিষ্ট তাৰিখত তেওঁলোকৰ লোন একাউন্ট ৰিছেট কৰিব পাৰিব।

তেনে গ্ৰাহকে তেওঁলোকৰ হোম লোনৰ সূদৰ হাৰত ৭০বেছিছ পইন্ট হ্ৰাস পোৱাৰ সুফল লাভ কৰিব।

অৰ্থাৎ যি সকলে ৮ শতাংশ সূদ প্ৰদান কৰি আছিল তেওঁলোকে ৭.৩০ শতাংশ সূদ দিব লাগিব।