NORTHEAST NOW (Assamese)
অসম

ষ্টেট বেংক ৰাছমেকত কথা সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক May 13, 2021 3:01 pm
maaaaaaaa

ভাৰতীয় ষ্টেট বেংক যোৰহাটৰ ৰাছমেকত কথা সাহিত্যিক-সাংবাদিক , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি,  সাহিত্য একাডেমি বঁটাকে ধৰি অলেখ বঁটা প্ৰাপক তথা অন্যতম মহান অসমীয়া হোমেন বৰগোঁহাঞিৰ মৃত্যুত  গভীৰ শোক প্ৰকাশ কৰে আৰু বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰে।
কালি অনুষ্ঠিত শোক সভাত মুখ্য প্ৰবন্ধক গৌতম হাজৰাই বৰগোঁহাঞিৰ  মৃত্যুত অসমৰ  সাহিত্যিক -সাংবাদিক সকল অভিভাৱকহীন হৈ পৰে বুলি উল্লেখ কৰে।

তেখেতৰ মৃত্যুক পাহাৰতকৈ গধুৰ বুলি অভিহিত কৰি তেখেতৰ সৃষ্টিক চৰকাৰে  ৰক্ষনাবেক্ষণ কৰিব লাগে মত প্ৰকাশ কৰে ।

সভাত ষ্টেট বেংক কৰ্মচাৰী সংস্থাৰ সহঃ সম্পাদক প্ৰনব বৰদলৈ , নন্দিতা দত্ত ,বিষয়া গৌতম জ্যোতি শইকীয়াকে সমূহ বিষয়া কৰ্মচাৰীৰ উপস্থিতীত এক মিনিট নিৰৱতা পালন কৰি গভীৰ শোক প্ৰকাশ কৰে।