NORTHEAST NOW (Assamese)

SBI ৰ ৪৪ কোটি গ্ৰাহকৰ বাবে আহিছে একাধিক সুখবৰ, কি সেই সুখবৰ

August 19, 2020 3:02 pm · এন ই নাও নিউজ
Updated: August 19, 2020 3:05 pm

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান ভাৰতীয় ষ্টেট বেংকে ইয়াৰ গ্ৰাহক সকলৰ বাবে লৈ আহিছে এক সুখবৰ।

বেংকটোৰ ৪৪ কোটি ছেভিংছ একাউণ্টৰ গ্ৰাহকে এতিয়াৰে পৰা একাউণ্টত ন্যুনতম ধন অৰ্থাৎ মিনিমাম বেলেঞ্চ জমা নাৰাখিলেও কোনো কথা নাই।

ছেভিংছ একাউণ্টত মিনিমাম বেলেঞ্চ নাথাকিলেও এতিয়াৰে পৰা কোনো গ্ৰাহকৰ পৰাই কাটি লোৱা নহয় কোনো জৰিমনা।

একেদৰে ষ্টেট বেংকৰ ৪৪ কোটি ছেভিংছ একাউণ্টৰ গ্ৰাহকক সকাহ দি বেংক কৰ্তৃপক্ষই ঘোষণা কৰিছে  আন কেইবাটাও সুখবৰ।

বেংক কৰ্তৃপক্ষই টুইটাৰ যোগে কৰা ঘোষণা অনুসৰি এতিয়াৰে পৰা এছ এম এছৰ বাবেও কোনো গ্ৰাহকৰ পৰা মাহিলী কোনো ধন কাটি ৰখা নহ’ব।

অৰ্থাৎ গ্ৰাহকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব এছ এম এছ সেৱা।

উল্লেখ্য ইয়াৰ পূৰ্বে ষ্টেট বেংকৰ ছেভিংছ একাউণ্টৰ গ্ৰাহক সকলে মেট্ৰ’ অঞ্চলত ৩,০০০ টকা,চহৰ অঞ্চলত ২,০০০ টকা আৰু গ্ৰামাঞ্চলত ১,০০০ টকা মিনিমাম বেলেঞ্চ হিচাবে একাউণ্টত ৰাখিব লাগিছিল।

যদি মিনিমাম বেলেঞ্চ নাথাকে তেন্তে মেট্ৰ’ অঞ্চলত ১০-১৫ টকা, চহৰ অঞ্চলত ৭-১২ টকা আৰু গ্ৰামাঞ্চলত ৫-১০ টকা জৰিমনা হিচাবে কটা হৈছিল।

ষ্টেট বেংকে টুইটাৰ যোগে প্ৰকাশ কৰা অনুসৰি যিসকল গ্ৰাহকৰ ছেভিংছ একাউণ্টত কমেও ১ লাখ টকা থাকিব তেওঁলোকে মাহত যিমান বাৰেই এ টি এমৰ পৰা ধন নুলিয়াওক কিয়  ইয়াৰ বাবে পিছে  কোনো মাচুল আদায় দিব নালাগিব।

অৰ্থাৎ ছেভিংছ একাউণ্টত এক লাখ টকা থকা সকলে অতিৰিক্ত কোনো ধন নভৰাকৈ এ টি এমৰ পৰা একাধিক বাৰ ধন উলিয়াব পাৰিব।

Related News