NORTHEAST NOW (Assamese)
অসম

অনাদায় হৈ থকা ঋণৰ বিশেষ ৰেহাই ঘোষণা ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 18, 2020 6:39 pm
SBI-4-660x375

 ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান ২০২০ – ২০২১ আঁচনিৰ অধীনত দীৰ্ঘদিন অনাদায় হৈ থকা ঋণৰ এক বিশেষ ৰেহাই ঘোষণা কৰিছে l

যোৰহাট জিলাৰ টীয়ক নগৰ স্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখা প্ৰৱন্ধক পিনাক দত্তই জানিবলৈ দিয়া মতে ষ্টেট বেংকৰ ঋণ সমাধান ২০২০ – ২০২১ আঁচনিৰ অধীনত টীয়ক শাখাৰ সন্মানীয় গ্ৰাহক সকলৰ বাবে বিশেষ ৰেহাইৰ আঁচনি সীমিত সময়ৰ বাবে মুকলি কৰিছে l

শাখা প্ৰৱন্ধক গৰাকীয়ে জানিবলৈ দিয়া মতে এই আঁচনিৰ অধীনত সৰ্বাধিক ৯০ শতাংশ পয্যন্ত অনাদায় হৈ থকা ঋণৰ ধন গ্ৰাহক সকলে ৰেহাই পোৱাৰ ব্যৱস্থা আছে l

ভাৰতীয় ষ্টেট বেংকৰ ঋণ সমাধান ২০২০ – ২০২১ আঁচনিৰ অধীনত সীমিত সময়ৰ বাবে মুকলি কৰা এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিবলৈ টীয়ক শাখাৰ প্ৰৱন্ধক পিনাক দত্তই গ্ৰাহক সকলক অনুৰোধ জনোৱাৰ লগতে বিতং তথ্যৰ বাবে শাখা প্ৰৱন্ধকৰ ( ৯৪৩৫৯৯২৫৭১ ) ফোন নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে l