NORTHEAST NOW (Assamese)

মণিপুৰৰ ইন্টাৰনেট কৰ্তন : উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে

July 18, 2023 9:33 am · এন ই নাও নিউজ, গুৱাহাটী

গুৱাহাটী উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক ৰাজ্যখনত ইণ্টাৰনেট কৰ্তন উঠাই লোৱাৰ বাবে দিয়া নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে।

মণিপুৰ চৰকাৰে উচ্চ ন্যায়ালয়ৰ আদেশক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ পি এছ নৰসিংহ আৰু মনোজ মিশ্ৰৰে গঠিত বিচাৰপীঠে উচ্চ ন্যায়ালয়ে দিয়া নিৰ্দেশত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰে।

অৱশ্যে চৰকাৰক উচ্চ ন্যায়ালয়ৰ কাষ চাপি আদালতৰ নিৰ্দেশ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সন্মুখীন হোৱা অসুবিধাৰ মূল্যায়ন কৰিবলৈ স্বাধীনতা প্ৰদান কৰে।

শুনানিৰ সময়ত মণিপুৰ চৰকাৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ সঞ্চালয়ক তুষাৰ মেহতাই বিচাৰপীঠক কয় যে যিকোনো উৰাবাতৰিয়ে মণিপুৰক আৰু অধিক উত্তেজিত কৰি তুলিব পাৰে।

উল্লেখ্য যে  যোৱা ৭ জুলাইত উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰক ইণ্টাৰনেট লীজ লাইন (আই এল এল) আৰু ফাইবাৰ টু দ্য হোম (এফ টি টি এইচ) সংযোগৰ ওপৰত থকা ইণ্টাৰনেট নিষেধাজ্ঞা উঠাই লোৱাৰ বাবে নিৰ্দেশ দিছিল।

উচ্চ ন্যায়ালয়ে ফাইবাৰ টু দ্য হোম (এফ টি টি এইচ) সংযোগসমূহৰ নিষেধাজ্ঞা ক্ষেত্ৰভিত্তিকভাৱে উঠাই লোৱাৰ কথা বিবেচনা কৰিবলৈও নিৰ্দেশ দিছিল।

Related News