NORTHEAST NOW (Assamese)
Popular Stories

বেংগালুৰুত দলবদ্ধ ধৰ্ষণৰ বলি অসমীয়া যুৱতী, প্ৰেমিক আৰু চাৰি বন্ধুৱে কৰিলে ধৰ্ষণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 18, 2023 11:31 am

বহিঃৰাজ্যত আকৌ ধৰ্ষণৰ বলি হৈছে অসমৰ যুৱতী। দক্ষিণৰ ৰাজ্য বেংগালুৰুত সংঘটিত হৈছে এই জঘন্য কাণ্ড। 

খবৰ অনুসৰি ভুক্তভোগী ২০ বছৰীয়া  ভুক্তভোগী যুৱতীগৰাকীৰ ঘৰ নামনি অসমত ।  

নামনি অসমৰে এখন পাৰ্কত শ্বাহিদ উদ্দিন নামৰ এজন যুৱকৰ সৈতে চিনাকী হৈছিল যুৱতীগৰাকীৰ। তেনেকৈয়ে দুয়োৰে মাজত মোবাইল নম্বৰ আদান-প্ৰদান হয়। মোবাইলৰ জৰিয়তে বন্ধুত্বসুলভভাবে কথা পতাৰ পিছত দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠে।

এইদৰে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠাৰ পিছত বিয়াৰ প্ৰলোভন দি এমাহ পূৰ্বে যুৱতীগৰাকীক বেংগালুৰুলৈ পলুৱাই লৈ যায় ভণ্ড প্ৰেমিক শ্বাহিদ উদ্দিনে। 

অসমৰ পৰা পলাই গৈ দুয়ো বেংগালুৰুৰ এটা ভাড়াঘৰত আছিলগৈ। তাতেই যুৱতীগৰাকীয়ে গম পাই যে শ্বাহিদে ইতিমধ্যে আন এগৰাকী নাৰীৰ লগত প্ৰেমৰ সম্পৰ্কত আছে। যুৱতীগৰাকীয়ে এই কথাৰ প্ৰতিবাদ কৰাত শ্বাহিদে নিজৰ পেন্টৰ বেল্টেৰে যুৱতীগৰাকীক মাৰ-পিট কৰে আৰু এটা কোঠাৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। 

কেৱল ইমানেই নহয়, আৱদ্ধ কৰি ৰখা কোঠাটোত শ্বাহিদে যুৱতীগৰাকীক ধৰ্ষণ কৰে আৰু যুৱতীগৰাকীৰ নগ্ন ভিডিঅ’ বনাই সামাজিক মাধ্যমত ভাইৰেল কৰাৰ ভাবুকিও প্ৰদান কৰে। 

ইয়াৰ পিছত যোৱা ১ জুন তাৰিখে শ্বাহিদে নিজৰ চাৰিজন বন্ধুক মাতি আনি ধৰ্ষণৰ বাবে যুৱতীগৰাকীক আগবঢ়াই দিয়ে। প্ৰেমিকৰ পিছতে এইদৰে প্ৰেমিকৰ বন্ধুৰ দলবদ্ধ ধৰ্ষণৰ বলি হ’বলগা হয় যুৱতীগৰাকী। 

এনেদৰেই বহুদিন বন্ধ কোঠাত আৱদ্ধ হৈ থকা যুৱতীগৰাকীয়ে ছেগ বুজি যোৱা ১৩ জুলাই দিনা কোঠাটোৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। শ্বাহিদৰ বন্ধ কোঠাৰ পৰা পলায়ন কৰি ওচৰৰে এঘৰ মানুহৰ ঘৰত সোমাই আশ্ৰয় লয় ঘৰখনৰ সদস্যৰ সহায়ত স্থানীয় পাৰপ্পান্না আৰক্ষী থানাত এটা শ্বাহিদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

এই এজাহাৰ লাভ্ৰ পিছতে আৰক্ষীয়ে ভণ্ড প্ৰেমিক শ্বাহিদক গ্ৰেপ্তাৰ কৰাৰ লগতে আন চাৰি পাষাণ ধৰ্ষকক গ্ৰেপ্তাৰৰ অভিযান অব্যাহত ৰাখিছে।