NORTHEAST NOW (Assamese)
Popular Stories

দাম বাঢ়িব মোবাইল ফোনৰ; মোবাইল ফোনৰ জি এছ টি ১৮%লৈ বৃদ্ধি কৰিছে জি এছ টি কাউন্সিলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 9:06 pm
images.jpg2

বৃদ্ধি পাব মোবাইল ফোনৰ দাম।

জি এছ টি কাউন্সিলে মোবাইল ফোনৰ জি এছ টি ১৮% শতাংশলৈ বৃদ্ধি কৰিছে। যাৰ ফলত বৃদ্ধি পাব মোবাইলৰ ফোনৰ দাম।

ইফালে এক সংবাদ মেলত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে ঘৰুৱা মেটেৰিয়েল ৰিলিজ অ’ৰ্ডাৰ সেৱাৰ অন্তৰ্গত কিছুমান সামগ্ৰীৰ জি এছ টি হ্ৰাস কৰা হৈছে। এয়াৰক্ৰাফ্টৰ জি এছ টি ১৮% পৰা ৫% শতাংশলৈ হ্ৰাস কৰা হৈছে।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় ১৮%  পৰা ১৫% শতাংশলৈ হস্ত-নিৰ্মিত আৰু যন্ত্ৰনিৰ্মিত সামগ্ৰীৰ হ্ৰাস কৰা হৈছে।

জি এছ টি কাউন্সিলে এফ ৱাই ১৮-১৯ৰ বাবে জি এছ টি ৯আৰ আৰু জি এছ টি ৯চি ভৰোৱাৰ সময়সীমা ৩১ মাৰ্চৰ পৰা ৩০ জুনলৈকে বৃদ্ধি কৰিছে।

বিভিন্ন শিতানত জি এছ টি হ্ৰাস কৰি জনসাধাৰণক সকাহ দিবলৈ প্ৰয়াস কৰা হৈছে যদিও মোবাইল ফোনৰ ক্ষেত্ৰত পুনৰ ১৮% জি এছ টিৰ বৃদ্ধিয়ে মোবাইল গ্ৰাহকসকলৰ ওপৰত মাধমাৰ শুধাব বুলি ধাৰণা কৰা হৈছে।