NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছৰ বিৰুদ্ধে ফেচবুকে আগবঢ়াব ২০ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 14, 2020 9:37 pm
কৰ’নাভাইৰাছৰ বিৰুদ্ধে ফেচবুকে আগবঢ়াব ২০ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য

ফেচবুকে কৰ’নাভাইৰাছৰ বিৰুদ্ধে যুঁজলৈ ২০ মিলিয়ন মাৰ্কিন ডলাৰ (প্ৰায় ১৪৮ কোটি টকা) সাহায্য আগবঢ়াব।

বৰ্তমানলৈকে বিশ্বজুৰি ৫৬০৪ গৰাকী লোকৰ প্ৰাণ লোৱা কৰ‘নাভাইৰাছৰ বিৰুদ্ধে সুৰক্ষামূলক ব্যৱস্থাৰ বাবে ফেচবুকে ৰাষ্ট্ৰসংঘ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে কাম কৰি আছে।

ফেচবুকৰ চি ই অ’ মাৰ্ক জুকাৰবাৰ্গে কয় যে কোম্পানিটোৱে ৰাষ্ট্ৰসংঘৰ পুঁজি আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ COVID-19 চলিডাৰিটি ৰেছপনছ ফাণ্ডলৈ ১০ মিলিয়ন ডলাৰ সাহায্য আগবঢ়াব।

কোম্পানিটোৱে বাকী ১০ বিলিয়ন সাহায্য আগবঢ়াব চি ডি চি ফাউণ্ডেচনলৈ।

চি ডি চি ফাউণ্ডেচনে ফেচবুকৰ সৈতে মিলি কৰ’নাভাইৰাছৰ বিৰুদ্ধে পুঁজি সংগ্ৰহৰ কামো আৰম্ভ কৰিব।

মাইক্ৰছফট আৰু এমাজনেও বিশ্ব স্বাস্থ্য সংস্থাৰ কৰ’নাভাইৰাছ সঁহাৰি পুঁজিলৈ ১ মিলিয়ন মাৰ্কিন ডলাৰকৈ সাহায্য আগবঢ়াইছে।

গুগল আৰু ইয়াৰ কৰ্মচাৰীসকলে মিলি ১ মিলিয়ন মাৰ্কিন ডলাৰ সাহায্য আগবঢ়াইছে।