NORTHEAST NOW (Assamese)

‘কা’ বিৰোধী আন্দোলন: অসমৰ দেৱাংগনা কলিতাৰ জামিনৰ বিৰুদ্ধে দিল্লীৰ চৰকাৰে কৰা আবেদন নাকচ

October 28, 2020 5:33 pm · এন ই নাও নিউজ
Updated: October 28, 2020 9:01 pm

চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত উত্তৰ-পূব দিল্লীৰ জাফ্ৰাবাদত সংঘটিত সংঘৰ্ষৰ সময়ত জনতাক প্ৰৰোচিত কৰাৰ অভিযোগত দিল্লী আৰক্ষীয়ে গোচৰৰ ওপৰত গোচৰ জাপি দিয়া অসমৰ দেৱাংগনা কলিতাৰ বিৰুদ্ধে পুনৰ সক্ৰিয় হৈ পৰিছে দিল্লীৰ চৰকাৰ।

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰা দেৱাগনাৰ জামিন নাকচ কৰাৰ বাবে দিল্লীৰ চৰকাৰে উচ্চতম ন্যায়ালয়ত কৰা এখন আবেদন আজি ন্যায়ালয়ে নাকচ কৰে।

দিল্লী চৰকাৰৰ হৈ অতিৰিক্ত চলিচিটৰ জেনেৰেল এছ ভি ৰাজুই উচ্চতম ন্যায়ালয়ক কয় যে দেৱাগনা কলিতা এগৰাকী প্ৰভাৱশালী ব্যক্তি, সেই বাবে তেওঁৰ জামিন নাকচ কৰিব লাগে।

উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশেোক ভূষণে কয় যে কোনো এজন ব্যক্তি প্ৰভাৱশালী হ’লেই তেওঁৰ জামিন নাকচ কৰাৰ কোনো যুক্তি নাই।

খণ্ডপীঠৰ আন কেইগৰাকী ন্যাধীশ ক্ৰমে আৰ এছ ৰেড্ডী আৰু এম আৰ শ্বাহেও অতিৰিক্ত চলিচিটৰ জেনেৰেলক এই বুলি প্ৰশ্ন কৰে যে দেৱাগনাই তেওঁৰ বিৰুদ্ধে থকা অভিযোগৰ প্ৰমাণ কিদৰে নষ্ট কৰিব পাৰে সেয়া দিল্লীৰ চৰকাৰে পস্পষ্ট কৰিব লাগে।

উল্লেখ্য দিল্লীৰ জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ এম ফিলৰ ছাত্ৰী তথা Pinjra Tod নামৰ সংস্থাটোৰ সদস্যা দেৱাংগনা কলিতাই সংঘৰ্ষৰ পূৰ্বে জাফ্ৰাবাদ মেট্ৰ’ ষ্টেছনৰ সমীপত প্ৰৰোচনামূলক বক্তব্য ৰাখিছিল বুলি দিল্লী আৰক্ষীয়ে অভিযোগ কৰিছে।

তেওঁৰ বিৰুদ্ধে চাৰিখন এজাহাৰ দাখিল কৰি তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰো কৰিছিল আৰু তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল।

‘কা’ বিৰোধী আন্দোলনত দেৱাংগনাই প্ৰৰোচনামূলক মন্তব্য কৰাৰ ভিডিঅ’ ক’ত বুলি কিছুদিন পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সুৰেশ কাইতে আৰক্ষীক প্ৰশ্ন কৰে।

আৰক্ষীয়ে দেৱাংগনাই সেই সময়ত দিল্লী মেট্ৰ’ৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰত আছিল আৰু কেমেৰামেনে তেওঁক ঢুকি পোৱা নাছিল বুলি আদালতক জনাইছিল।

দিল্লীৰ আদালতত দেৱাংগনাৰ হৈ যুক্তি প্ৰদৰ্শন কৰা বিশিষ্ট অধিবক্তা কপিল চিবালে কৈছিল যে দেৱাংনাৰ বিৰুদ্ধে আৰক্ষীয়ে জনতাক উচটনি দিয়াৰ যি অভিযোগ আনিছে সেয়া ভিত্তিহীন।

‘কা’ বিৰোধী প্ৰতিবাদকাৰীক উচটনি দিয়াৰ অভিযোগত চলিত বৰ্ষৰ মে’ মাহত দিল্লী আৰক্ষীয়ে দেৱাংগনা কলিতাৰ লগতে তেওঁৰ এগৰাকী সতীৰ্থক গ্ৰেপ্তাৰ কৰিছিল।পিছত দিল্লী উচ্চ ন্যায়ালয়ে দেৱাগনা কলিতাৰ জামিন মঞ্জুৰ কৰে।

Related News