NORTHEAST NOW (Assamese)
দেশ

ধৰ্মগুৰুৰ ‘পৰমাত্মা’ স্বীকৃতি বিচৰা আবেদনকৰ্তাক দৃষ্টান্তমূলক শাস্তি স্বৰূপে ১ লাখ টকাৰ জৰিমনা বিহিলে উচ্চতম ন্যায়ালয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 5, 2022 10:16 pm
Supreme Court on Paramatma remark

এক নিৰ্দিষ্ট ধৰ্মীয় পন্থাৰ ধৰ্মীয় গুৰুক ‘পৰমাত্মা’ বুলি স্বীকৃতি দিবলৈ ন্যায়িক ঘোষণা বিচাৰি উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা এগৰাকী ব্যক্তিক আজি শীৰ্ষ আদালতে দৃষ্টান্তমূলক শাস্তি স্বৰূপে এক লাখ টকাৰ জৰিমনা আৰোপ কৰিছে।

আবেদনকাৰীয়ে ধৰ্মীয় পন্থাটোৰ শীৰ্ষ ধৰ্মগুৰু গৰাকীক ‘পৰমাত্মা বুলি ঘোষণা কৰিবলৈ আহ্বান জনোৱাৰ লগতে সকলোৱে তেওঁক প্ৰণাম কৰাৰ নিৰ্দেশনা বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।

আজি আবেদনৰ শুনানিৰ সময়ত আবেদনকৰ্তাই আত্মপক্ষ সমৰ্থনত কয় যে সংবিধানৰ ৩২ নং অনুচ্ছেদৰ ভিত্তিত তেওঁ আদালতৰ কাষ চাপিছে আৰু আদালতে শ্ৰী শ্ৰী অনুকুল চন্দ্ৰক পৰমাত্মা হিচাপে স্বীকৃতি দিয়াৰ বাবে তেওঁৰ আবেদন বিবেচনা কৰিব লাগে।

তেওঁৰ এই আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ এম আৰ শ্বাহে কয়, ‘ভাৰত এখন ধৰ্মনিৰপেক্ষ দেশ। ভাৰতীয়ে নাগৰিকে নিজৰ বিশ্বাস অনুসৰি নিজা মত নিৰ্বাচিত কৰি ল’ব পাৰে। আপুনি তেওঁলোকক আপোনাৰ পন্থাৰ নেতাক পৰমাত্মা বুলি বিশ্বাস কৰিবলৈ বাধ্য কৰিব নোৱাৰে।”

“আপুনি নিজৰ পথত আগবাঢ়ি যাওক আৰু নিজ পন্থাত বিশ্বাস কৰক। আনসকলে যেনেদৰে বিচাৰে, তেনেকৈয়ে বিশ্বাস কৰিবলৈ দিয়ক। আপুনি আনক আপোনাৰ মতত যোগ দিবলৈ বাধ্য কৰিব নোৱাৰে।”- ন্যায়াধীশ শ্বাহে লগতে কয়।

তেওঁ লগতে ভৱিষ্যতে যাতে কোনেওএনে আবেদন লৈ আদালতৰ কাষ নাচাপে, তাৰ বাবে আবেদনকাৰীৰ ওপৰত দৃষ্টান্তমূলক শাস্তি স্বৰূপে এক লাখ টকাৰ জৰিমনা আৰোপ কৰা হৈছে বুলি শুনানিৰ আদেশত উল্লেখ কৰে।

আৱেদনকাৰীক চাৰি সপ্তাহৰ ভিতৰত নিৰ্ধাৰিত জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।