NORTHEAST NOW (Assamese)

কাৰ বা বাইক কিনিব খোজাসকল সতৰ্ক হওক; ৩১ মাৰ্চৰ পাছত সলনি হ’ব নিয়ম

February 14, 2020 7:11 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

আপুনি যদি কাৰ বা বাইক কিনাৰ কথা ভাৱিছে তেতিয়াহ’লে আপোনাৰ বাবে আছে গুৰুত্বপূৰ্ণ খৱৰ।

উচ্চতম ন্যায়ালয়ে আকৌ এবাৰ কৈছে যে ৩১ মাৰ্চ, ২০২০ৰ পাছত BS-4 বাহন বিক্ৰী নহ’ব।

শুকুৰবাৰে আদালতখনে অটোমোবাইল ডীলাৰ্ছৰ এক আবেদন নাকচ কৰি এই কথা স্পষ্ট কৰে।

আপুনি যদি নতুন কাৰ বা বাইক ক্ৰয় কৰিবলৈ মন মেলিছে তেতিয়া BS নম্বৰকলৈ সতৰ্ক হওক।

যদি কোনো ছেকেণ্ড হেণ্ড গাড়ী কিনিব খুজিছে তেতিয়াও ইয়াৰ BS ইঞ্জিনৰ প্ৰতি লক্ষ্য ৰাখক। নহ’লে BS-4ৰ পৰা BS-6 লৈ আপগ্ৰেড কৰিবলগীয়া হ’ব পাৰে। এই আপগ্ৰেড কৰাৰ বাবে ১০ হাজাৰৰ পৰা ২০ হাজাৰ টকা খৰচৰ সম্ভাৱনা আছে।

BS বাহনৰ অৰ্থনো কি? যেতিয়া গাড়ীৰ কথা আহে তেতিয়াই ইয়াৰ সৈতে জড়িত ‘BS’ৰ কথাও আহি পৰে।

প্ৰকৃততে, BS মানে হৈছে ভাৰত ষ্টেজ। ই এনেকুৱা এটা মানক য’ত ভাৰতত গাড়ীৰ ইঞ্জিনৰ পৰা নিৰ্গত প্ৰদূষণক জোখা হয়।

এই মানক ভাৰত চৰকাৰে স্থিৰ কৰিছে। তদুপৰি, BSৰ পাছত নম্বৰো (BS-3 , BS-4 , BS-5 , BS-6) লগোৱা হয়। BSৰ পাছত নম্বৰ বাঢ়ই যোৱাৰ অৰ্থ হৈছে নিৰ্গমনৰ উন্নত মানক যি পৰিৱেশৰ বাবে উপযুক্ত।

সহজ ভাষাত BSৰ পাছত যিমান ডাঙৰ সংখ্যা লিখা থাকিব সেই গাড়ীৰ সিমানেই প্ৰদূষণ কম হোৱাৰ সম্ভাৱনা থাকে।

এতিয়া অহা ১ এপ্ৰিলৰ পৰা কাৰসমূহ BS-6 হোৱাটো জৰুৰী কৰি দিয়া হৈছে। এই মানকৰ বাহনত প্ৰদূষণ কম হোৱাৰ আশা কৰা হৈছে। সেয়েহে, অটো কোম্পানীসমূহে এতিয়া BS-6 বাহন মুকলি কৰিবলৈ লৈছে।

আনহাতে, অটো কোম্পানীসমূহে BS-4 বাহনসমূহ খালী কৰিবলৈ গ্ৰাহকলৈ বাম্পাৰ অফাৰ আগবঢ়াইছে।

অৱশ্যে, এই অফাৰৰ পাল্লাত পৰি গাড়ী ক্ৰয় কৰিলে আপোনাৰ সমস্যা বাঢ়িব পাৰে।

Related News