NORTHEAST NOW (Assamese)

চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ মৃত্যুৰ নেপথ্যত বিদ্যালয়ৰ ‘অৱহেলা’! জয়পুৰৰ বিদ্যালয়লৈ চিবিএছইৰ কাৰণ দৰ্শোৱাৰ জাননী

November 21, 2025 9:30 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: November 21, 2025 8:43 pm

মাহৰ আৰম্ভণিতেই এটা চিচিটিভি ফুটেজ দেখি সমগ্ৰ দেশ শিহৰিত হৈ পৰিছিল। ফুটেজটোত এগৰাকী ৯ বছৰীয়া ছাত্ৰীয়ে বাৰাণ্ডাৰ পৰা জপিয়াই দিয়াৰ দৃশ্য দেখা গৈছিল। তেতিয়াৰ পৰাই নীৰজা মোদী স্কুল নামৰ সেই বিদ্যালয়খন চৰ্চাত আছে। এতিয়া চিবিএছইয়ে সেই স্কুলখনলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে। ৩০ দিনৰ ভিতৰত তেওঁলোকক উত্তৰ দিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইফালে মৃত ছাত্ৰীগৰাকীৰ অভিভাৱকসকলে দাবী কৰিছে যে সহপাঠীসকলে তাইক নিয়মীয়াকৈ হাৰাশাস্তি কৰিছিল। এই লৈ বাৰে বাৰে অভিযোগ জনাইও কোনো সুফল পোৱা নাছিল। আনকি, ঘটনাৰ দিনাও ছোৱালীজনীয়ে অভিযোগ কৰিছিল। কিন্তু শিক্ষকে সেই কথাত গুৰুত্ব দিয়া নাছিল। সেয়েহে তেওঁলোকৰ কন্যাই আত্মহত্যাৰ দৰে পথ বাছি লয় বুলি তেওঁলোকে দাবী কৰিছে। এই ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

যোৱা ৩ নৱেম্বৰত, ছাত্ৰীগৰাকীৰ মৃত্যুৰ ঠিক পিছতেই চিবিএছইৰ দুজনীয়া তদন্তকাৰী সমিতি ঘটনাস্থলত উপস্থিত হৈছিল। পিছদিনাই জনোৱা হৈছিল যে স্কুলখনত নিৰাপত্তাৰ পৰা আৰম্ভ কৰি নিৰীক্ষণলৈকে— সকলোতে ত্ৰুটি ৰৈ গৈছে। আনকি কোনো ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰা হ’লে শিক্ষকসকলৰ প্ৰতিক্ৰিয়াও সঠিক নাছিল বুলি জনা গৈছে।

চিচিটিভি ফুটেজত দেখা গৈছে যে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীগৰাকী বাৰাণ্ডাৰ ৰেলিঙত গৈ বহিছে আৰু তাৰ পিছতেই তাই তাৰ পৰা পৰি গৈছে। জানিব পৰা মতে, ছোৱালীজনী পৰি যোৱাৰ লগে লগে স্কুল কৰ্তৃপক্ষই তাইক তৎক্ষণাত চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে তাইক মৃত ঘোষণা কৰে।

ইফালে আৰক্ষী বিষয়াসকলে স্কুলত উপস্থিত হৈ দেখে যে ঘটনাস্থলত তেজৰ কোনো চিনচাব নাই। সকলো মচি পেলোৱা হৈছিল। ইতিমধ্যে মৃত ছাত্ৰীগৰাকীৰ পৰিয়ালবৰ্গই স্কুল কৰ্তৃপক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁলোকৰ দাবী, এই ঘটনাত স্কুলৰ শিক্ষক আৰু কৰ্মচাৰীসকলৰ ভূমিকাৰ তদন্ত কৰা হওক।

Related News