NORTHEAST NOW (Assamese)

৩ আগষ্টৰ পৰা অন্ধ্ৰপ্ৰদেশত বিদ্যালয় পুনৰ খোলাৰ ঘোষণা মুখ্য মন্ত্ৰী জগন মোহন ৰেড্ডীৰ

May 19, 2020 9:01 pm · এন ই নাও নিউজ
জগন মোহন ৰেড্ডী

ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভবিষ্যত সম্বন্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অন্ধ্ৰপ্ৰদেশ চৰকাৰে।

অন্ধ্ৰপ্ৰদেশৰ মুখ্য মন্ত্ৰী ওৱাই এছ জগন মোহন ৰেড্ডীয়ে মঙলবাৰে অন্ধ্ৰপ্ৰদেশৰ বিদ্যালয়সমূহ ৩ আগষ্টৰ পৰা পুনৰ খোলা হ’ব বুলি ঘোষণা কৰে।

মুখ্য মন্ত্ৰী ৰেড্ডীৰ ঘোষণাৰ পাছতে বিদ্যালয় সমূহ ক’ৰ’নাৰ সংক্ৰমণৰ বাবে আৰু প্ৰায় আঢ়ৈ মাহৰ অধিক সময় বন্ধ হৈ থকাটো নিশ্চিত হয়।

মুখ্য মন্ত্ৰী ৰেড্ডীয়ে ৰাজ্যৰ ১৫,০০০ খন বিদ্যালয়ক জুলাই মাহৰ ভিতৰতে নাডু-নেডু আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ৰ যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰী ৰেড্ডীয়ে তেওঁৰ চৰকাৰে বৰ্তমানলৈ এই কামৰ বাবে ৪৫৬ কোটি টকা মুকলি কৰি দিয়া হৈছে বুলি কয়।

উল্লেখযোগ্য যে, সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবে বিদ্যালয়ৰ লগতে সকলো প্ৰকাৰৰ শিক্ষা প্ৰতিষ্ঠান সমূহ বন্ধ হৈ আছে।

অসমতো বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি প্ৰাথমিক বিদ্যালয় সমূহলৈ সকলো শৈক্ষিক অনুষ্ঠান বন্ধ হৈ আছে।

Related News